লোকসভা নিৰ্বাচনক লৈ এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাৰ ইচ্ছা প্ৰকাশ কৰাৰ পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভূপেন বৰাই কয়– ''মই সভাপতি থকালৈ এআই ইউ ডি এফৰ লগত মিত্ৰতা নহ'ব।'' তেওঁ পুনৰ কয়– ''আজমলে কংগ্ৰেছ জিৰো হ'ব বুলি কৈছে ঠিকেই আছে, কিন্তু শূন্যৰ পৰা গণনা আৰম্ভ হয়। গতিকে আজমলে আমাক লৈ চিন্তা কৰিব নালাগে।''
বৰাই কয় যে ধুবুৰীৰ ৰাইজে আজমলৰ সৈতে মিত্ৰতা কৰিলে ভূপেন বৰাৰ পিছফালে ৰাইজক নাপাব, সেয়ে আজমল নহয় মই ৰাইজৰ সৈতে মিত্ৰতা কৰিম। আজমলক উভতি ধৰি বৰাই পুনৰ কয় যে আজমলে এতিয়া অসমৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাক সম্বৰ্ধনা দিয়ক। কাৰণ তেওঁ ৫০০খন মদৰ বিপণী খুলিবলৈ সাজু হৈছে।
আজমলে অভিযোগ কৰা ধৰণে বিজেপিৰে ভূপেন বৰাৰ মিত্ৰতা সৰ্ম্পকত কয় যে বিজেপিৰে মোৰ মিত্ৰতা থকাৰ বাবে বিজেপি মোৰ ঘৰ ভাঙিবলৈ যায় আৰু আজমলক আগৰৰ ব্যৱসায়ৰ লাইঞ্চেছ দিয়ে। এতিয়া আজমলে ঠিক কৰক বিজেপিৰ মিত্ৰতা আচলতে কাৰ লগত।
বৰাৰ সুৰতে সুৰ মিলা ৰকিবুল হুছেইনে কয়– চৰকাৰ থকা সময়ত বিজেপিৰ লগত থাকে আজমল আৰু এতিয়া ধুবুৰীৰ মানুহে বিদায় দিব খুজিছে বাবেই কংগ্ৰেছৰ সৈতে মিত্ৰতা বিচাৰিছে আজমলে। কোনো মতেই এআইডিএফ ৰ লগত মিত্ৰতা নহয়। কংগ্ৰেছৰ এআইডিএফৰ মিত্ৰতা অসম্ভৱ। আজমল বিজেপিৰ লগত আছে বিজেপিৰ লগতে থাকক বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰকিবুলে।
উল্লেখ্য, অসমত ১ নৱেম্বৰত কংগ্ৰেছৰ ভাৰত জোৰো যাত্ৰাৰ আজি চতুৰ্থ দিন। অসমত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত গোলকগঞ্জ, গৌৰীপুৰ,বিলাসীপাৰা পশ্চিম সমষ্টিৰ পিছত আজি বিলাসীপাৰা টাউনত উপস্থিত হৈ স্থানীয় কালীবাড়ীত মা কালীৰ আশিস লৈ বিলাসীপাৰাৰ ড০ বি আৰ আম্বেদকাৰৰ, লাচিত বৰফুকন, প্ৰতিমা বৰুৱা পাণ্ডে, মহাত্মা গান্ধী, নেতাজী আদি বৰেণ্য ব্যক্তিসকলৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰি ভাৰত জোৰো যাত্ৰাৰ অসমৰ চতুৰ্থ দিনাৰ কাৰ্যসূচী আৰম্ভ কৰে। ভাৰত জোৰো যাত্ৰাত বিলাসীপাৰা পূব সমষ্টিৰ বাঙালীপাৰাৰ পৰা বিলাসীপাৰা চহৰ হৈ হাজাৰ হাজাৰ সমৰ্থক লৈ বিভিন্ন সাংস্কৃতিক নৃত্য-গীত, চৰ অঞ্চলৰ জনপ্ৰিয় নাও খেল, লাঠী খেলৰ নৃত্যৰ তালে তালে আজি ১২ কিলোমিটাৰ বাট পদব্ৰজে অতিক্ৰম কৰি বিয়লি বিলাসীপাৰা পূৱ সমষ্টিৰ বেলতলিত সামৰণি মাৰে। আজিৰ পদযাত্ৰাত ভূপেন বৰাক সংগ দিয়ে ৰকিবুল হুছেইন, ৱাজেদ আলী চৌধৰী, যুৱ নেত্ৰী অংকিতা দত্ত, বিলাসীপাৰা পূব সমষ্টিৰ যুৱ নেতা অমৃত বাদশা প্ৰমুখে বহুতো নেতা–কৰ্মীয়ে। Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|