আজি গুৱাহাটী প্ৰেছ ক্লাৱত মুকলি কৰা হ'ল ২০২২বৰ্ষৰ কালপুৰুষ পঞ্জিকা (Kalpurush Panjika)। কালপুৰুষ পঞ্জিকাৰ ভৱিষ্যদ্বাণী অনুসৰি ৰাজ্যত ২০২২ বৰ্ষত বৃদ্ধি পাব পথ দুৰ্ঘটনা। অৱশ্যে ২০২২বৰ্ষত ৰাজ্যৰ পৰিৱেশ সুস্থিৰ হোৱাৰ লগতে উগ্ৰপন্থী সংগঠন আলোচনাৰ মজিয়ালৈ আহিব বুলিও দাবী কৰা হৈছে। অহাবাৰ কেন্দ্ৰ আৰু ৰাজ্যতে চৰকাৰ সলনি হোৱাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰা কালপুৰুষ পঞ্জিকাৰ মতে অহাবাৰৰ পৰা চৰকাৰ সুস্থিৰ নহ'ব।
আনহাতে বিৰোধী নিষ্ক্ৰিয় হ'ব বুলি দাবী কৰা কালপুৰুষ পঞ্জিকাৰ মতে ভূপেন বৰা (Bhupen Bora) এতিয়াৰ দৰে একে স্থানতে থাকিব। ২০২২ত তেওঁৰ উত্থানৰ সম্ভাৱনা নাই। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) দক্ষতাৰে নিজৰ কাৰ্যকাল সম্পূৰ্ণ কৰাৰ লগতে বিৰোধীক উচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম হ'ব। আনহাতে ৰাজ্যৰ নিবনুৱাৰ বাবেও ২০২২বৰ্ষটো আশাব্যঞ্জক হ'ব বুলি মত প্ৰকাশ কৰিছে কালপুৰুষ পঞ্জিকাই (Kalpurush Panjika prediction।
২০২২ বৰ্ষৰ ১০ জুলাইৰ পিছত অসমলৈ ভাল খবৰ আহিব বুলিও ভৱিষ্যদ্বাণী কৰিছে কালপুৰুষে। অৱশ্যে অনাগত বৰ্ষত প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে। অপৰাধ নিয়ন্ত্ৰণত চৰকাৰ সফল হ'ব যদিও মঙলৰ প্ৰভাৱত হত্যা,লুণ্ঠন আদি বাঢ়িব। অনাগত বৰ্ষতো ক'ভিড চলি থাকিব। মাথোঁ ইয়াৰ নামহে সলনি হ'ব। বিশ্বৰ বিভিন্ন দেশত ক'ভিডৰ প্ৰকোপ বৃদ্ধি পাব যদিও অসমত ক'ভিডৰ বাবে পৰিস্থিতি ভয়ংকৰ নহয় বুলিও কালপুৰুষ পঞ্জিকাই ভৱিষ্যদ্বাণী কৰিছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|