মুখ্যপৃষ্ঠা »খবৰ »অসম »Minister Bimal Bora : গুৱাহাটীত উদ্যোগ মন্ত্রী বিমল বৰাক সাক্ষাৎ থাইলেণ্ডৰ ৰাষ্ট্ৰদূতৰ

Minister Bimal Bora : গুৱাহাটীত উদ্যোগ মন্ত্রী বিমল বৰাক সাক্ষাৎ থাইলেণ্ডৰ ৰাষ্ট্ৰদূতৰ

 মন্ত্রী বিমল বৰাই ৰাষ্ট্ৰদূতগৰাকীৰ লগতে প্ৰতিনিধি দলটোক শৰাই, একোটাকৈ গঁড়ৰ প্ৰতিমূৰ্তি আৰু একোখনকৈ গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷

  • Share this:
থাইলেণ্ডৰ ভাৰতস্থিত ৰাষ্ট্ৰদূত পাট্টাৰাত হংটঙে আজি জনতা ভৱনত ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বৰাক সাক্ষাৎ কৰে৷ দেশখনৰ অর্থনীতি বিভাগৰ সচিব চায়ানীন শ্রী বিশেচ, বৈদেশিক মন্ত্রালয়ৰ এছিয়ান ডিভিজনৰ ডাইৰেক্টৰ ভিপাভি ৰংচিমাপৰ্ণৰ লগতে কেবাগৰাকীও বিষয়া আৰু উদ্যোগীক লগত লৈ কৰা এই সাক্ষাৎ কালত দুয়ো দেশৰ মাজত ব্যৱসায় আৰু বাণিজ্যিক সম্ভাৱনা সন্দৰ্ভত আলোচনা কৰে।

অসমৰ উদ্যোগ বিভাগৰ সচিব ড০ লক্ষ্মণন এছ, আয়ুক্ত ঐনাম চৰণ কুমাৰ সিং, বিশিষ্ট উদ্যোগী অভিজিৎ বৰুৱা আৰু উদ্যোগ বিভাগৰ কেইবাগৰাকীও বিষয়া থাইলেণ্ডৰ ৰাষ্ট্ৰদূতগৰাকীয়ে মন্ত্রী বৰাক সাক্ষাৎ কৰাৰ সময়ত উপস্থিত আছিল৷

উদ্যোগ বিভাগৰ সচিব লক্ষ্মণনে ৰাষ্ট্ৰদূতগৰাকীৰ লগতে থাইলেণ্ডৰ দলটোক অসমৰ ঔদ্যোগিক ক্ষেত্রখন সন্দৰ্ভত অৱগত কৰে। বিষয়াগৰাকীয়ে অচিৰেই সম্পূর্ণ হ'ব লগা যোগীঘোপাৰ লজিষ্টিক পাৰ্কখনৰ লগতে এক্ট ইষ্ট পলিচীয়ে সৃষ্টি কৰা বাণিজ্যিক সুযোগৰ বিষয়েও থাইলেণ্ডৰ দলটোৰ সন্মুখত ব্যক্ত কৰে।

ৰাজ্যৰ উদ্যোগ মন্ত্রী বিমল বৰাই ৰাষ্ট্ৰদূতগৰাকীৰ লগতে প্ৰতিনিধি দলটোক শৰাই, একোটাকৈ গঁড়ৰ প্ৰতিমূৰ্তি আৰু একোখনকৈ গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷

শেহতীয়া বাতৰি