এই পথেৰে আপোনাৰ প্ৰৱেশ নিষেধ, অন্যথা...

অসমতো এতিয়া ক’ৰোণা ভাইৰাছত আক্ৰান্ত হৈছে পাঁচ জন ৰোগী।
অসমতো এতিয়া ক’ৰোণা ভাইৰাছত আক্ৰান্ত হৈছে পাঁচ জন ৰোগী।
- News18 Assam
- Last Updated: April 1, 2020, 6:53 PM IST
ক'ৰোণাৰ এই আতংকক লৈ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল লক ডাউনৰ ৷ নিজকে ঘৰতে থাকি নিজক সুৰক্ষিত কৰি ৰাখিবলৈ সামাজিক দুৰত্ব বজাই ৰাখি ঘৰতে থাকিবলৈ আহ্বান জনাইছিল। কিন্তু প্ৰধানমন্ত্ৰীগৰাকীৰ সেই আহ্বানক উপেক্ষা কৰিছে নগৰ-চহৰ অঞ্চলত বাস কৰা একাংশই ৷
ইয়াৰ বিপৰীতে সতৰ্ক আৰু সজাগ দেখা গৈছে গ্ৰামাঞ্চলৰ লোক সকলক ৷ শোণিতপুৰ জিলাৰ চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত চামধৰা পানীগাঁৱত ভিডিপিৰ সহযোগত স্থানীয় যুৱক সকলে গাওঁখনৰ প্ৰৱেশ পথত বান্ধি দিছে বাঁহ ৷ ওলোমাই ৰাখিছে ফলক ৷ য'ত কোৱা হৈছে লক ডাউনৰ সময়ছোৱাত জৰুৰী কাম নাথাকিলে পথটোৰে যাতায়াত সম্পূৰ্ণ বন্ধ ৷ জৰুৰী কামত গাঁৱৰ বাহিৰলৈ যোৱাসকলেও ঘুৰি আহোঁতে পথ বন্ধ ঠাইতে ভৰি হাত ধুইহে প্ৰৱেশ কৰিব পাৰিব ৷ গাওঁৰক্ষী বাহিনীৰ এই পদক্ষেপ আদৰণীয় বুলি ছ’চিয়েল মিডিয়াত লাভ কৰিছে চৰ্চা ৷