• Home
  • »
  • News
  • »
  • assam
  • »
  • কোভিডে পিতৃক কাঢ়ি নিয়া এগৰাকী দুৰ্ভগীয়া ছাত্ৰীৰ মুখ্যমন্ত্ৰীলৈ মুকলি চিঠি, লিখিলে – আমাক সহায় কৰিবলৈ কোনো নাই!

কোভিডে পিতৃক কাঢ়ি নিয়া এগৰাকী দুৰ্ভগীয়া ছাত্ৰীৰ মুখ্যমন্ত্ৰীলৈ মুকলি চিঠি, লিখিলে – আমাক সহায় কৰিবলৈ কোনো নাই!

চিঠিখনৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ পৰা সহায় আৰু সঁহাৰি বিছাৰিলে ছাত্ৰীগৰাকীয়ে ৷ কি লিখিছে এই চিঠিখনত?

চিঠিখনৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ পৰা সহায় আৰু সঁহাৰি বিছাৰিলে ছাত্ৰীগৰাকীয়ে ৷ কি লিখিছে এই চিঠিখনত?

চিঠিখনৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ পৰা সহায় আৰু সঁহাৰি বিছাৰিলে ছাত্ৰীগৰাকীয়ে ৷ কি লিখিছে এই চিঠিখনত?

  • Share this:
ক্ষোভ, অভিমান আৰু অনুৰোধেৰে ভৰা এখন মুকলি চিঠি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বুলি এই চিঠিখন লিখিছে চয়ানিকা বৰা নামৰ এগৰাকী ছাত্ৰীয়ে। কাল কোৰোণাত আক্ৰান্ত হৈ অকাল মৃত্যুক আঁকোৱালি লোৱা এগৰাকী পিতৃৰ দুৰ্ভগীয়া কন্যাৰ চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ একপ্ৰকাৰ ক্ষোভ ব্যক্ত কৰিয়ে ফেচবুকৰ জৰিয়তে লিখিলে অসমৰ মুখ্যমন্ত্ৰীলৈ চিঠি৷

কোভিডত আক্ৰান্ত হৈ ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰীৰ মৃত্যু হ’লে চৰকাৰে আৰ্থিক সাহায্যৰ ঘোষণা কৰাৰ লগতে পঢ়ি থকা সন্তানৰ পঢ়াৰ দায়িত্ব লোৱাৰ কথা ইতিমধ্যে চৰকাৰে অসমৰ জনগণক জনাইছিল। কিন্তু কোৰোণাত আক্ৰান্ত হৈ ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী পিতৃয়ে এই সংসাৰ ত্যাগ কৰাৰ পিছতো পৰিয়ালটোৱে আজিলৈকে নাপালে আৰ্থিক সাহায্য আৰু সন্তানৰ পঢ়া–শুনাৰ সুবিধাও। এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিও কোনো সুফল নপোৱা মৃত পিতৃৰ দুৰ্ভগীয়া কন্যাই। এই সকলো বিৱৰি মুখ্যমন্ত্ৰীলৈ লিখিলে চিঠি৷ চিঠিখনৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ পৰা সহায় আৰু সঁহাৰি বিছাৰিলে ছাত্ৰীগৰাকীয়ে ৷ কি লিখিছে এই চিঠিখনত?

চয়নিকা বৰাই ফেচবুকৰ জৰিয়তে লিখা  চিঠিখন হৈছে এনেধৰণৰ-

“প্ৰতি,
মাননীয় মুখ্যমন্ত্ৰী মহোদয়,

শ্ৰদ্ধা গ্ৰহণ কৰিব। মই কোভিদত পিতৃক হেৰুওৱা এগৰাকী দুৰ্ভগীয়াই বাধ্যত পৰি আপোনালৈ এই পত্ৰখন লিখিছো। কিবা ভুল হ’লে ক্ষমা কৰিব। যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত কোভিদত আক্ৰান্ত হৈ মোৰ দেউতাই প্ৰাণ হেৰুৱালে। একমাত্ৰ দেউতাৰ উপাৰ্জনেৰে চলা আমাৰ ঘৰখনলৈ লগে লগে নামি আহিল ধুমুহা। মই দৰং কলেজত ডিগ্ৰী পঢ়ি আছো, আৰু ভণ্টীও কলেজতে। দেউতাই সৰু ব্যৱসায় কৰিছিল, মা গৃহিনী। বহু পৰিয়াললৈকে কোভিদে এনে দুৰ্যোগ নমাই আনিছিল। এই মুহূৰ্তত আমাৰ পৰিয়ালটোৰ কোনো উপাৰ্জন নাই। সেইখিনি কথা আপোনাক জনোৱাতো আচলতে মোৰ উদ্দেশ্যে নহয়, আন এটা কথাহে ক’ব বিচাৰিছো। কোভিদত ঘৰৰ মূল মানুহজনক হেৰুওৱা পৰিয়ালক সকাহ দিবলৈ আৰু সন্তানৰ পঢ়া-শুনাৰ সহায়ক হ’ব পৰাকৈ আপোনাৰ চৰকাৰে কেইটামান আচনি ঘোষণা কৰিছিল। আমি শুনি সকাহ পাইছিলো, আন্ধাৰত কিবা এটা ৰেঙণী দেখা পাইছিলো। কোভিদত ঘৰৰ মূল মানুহজনক হেৰুওৱা নিথৰুৱা পৰিয়াল হিচাপে আমি আপোনাৰ চৰকাৰে আগবঢ়োৱা আঢ়ৈ লাখ টকা আৰু আমাৰ পঢ়া-শুনাৰ বাবে ২৪ বছৰ বয়সলৈকে আন বহুতে পোৱাৰ দৰে এটা অৰ্থ সাহায্য পাম বুলি ভাৱিছিলো। কিন্তু বহু চেষ্টা কৰিও সেই সুবিধা আমি নাপালো, ছোৱালী মানুহ, দেউতা জীয়াই থকাৰ সময়ত বাহিৰৰ পৃথিৱীখন এনেকৈ দেখাও নাছিলো, নাই মাৰ নামতো সেই তালিকাত আজিও নাহিল। দেউতা কৰোনাত আক্ৰান্ত হৈয়ে প্ৰাণ হেৰুৱাইছিল, মৃত্যুৰ সময়ত সত্‍কাৰো চৰকাৰী প্ৰটকল মতেই হৈছিল, আমি দেউতাৰ মুখখনো শেষবাৰলৈ চাব নোৱাৰিলো। আমাক তেজপুৰ চিকিত্‍সা মহাবিদ্যালয়ে দিয়া ডেথ চাৰ্টিফিকেটতো দেউতাৰ মৃত্যু কোভিদ প’জিটিভ অৱস্থাতে হোৱা বুলি উল্লেখ আছে। নাজানিলো ক’ত কি হ’ল? দেউতাৰ মৃত্যুৰ বাবে প্ৰাপ্য টকা বুলি সেই টকালৈ মোহ কৰিবলৈয়ো বেয়া লাগে, কিন্তু সকলো কাটি কৰি সেইখিনিৰে ঘৰখনত সকাহ আনিব বুলি ভাৱিয়েই আগবাঢ়িছিলো। শেষত এজনে ক’লে- কোভিদৰ প্ৰথম ঢৌত বহু আক্ৰান্তৰ কোভিদ পজিটিভ অৱস্থাতে মৃত্যু হ’লেও চৰকাৰে বোলে কোভিদত মৃত্যু বুলি ঘোষণা কৰা নাছিল। দেউতাৰ নামটো সেই তালিকাক আছিল নে নাই তাকো নাজানো। যদি সেয়েই হয় দ্বিতীয় ঢৌৰ বেলিকা চৰকাৰে কিন্তু তেনে কৰা নাই বাবে সকলোৱে চৰকাৰে আগবঢ়োৱা সুবিধা পাইছে। যদি সেইটোৱেই হয় আপোনাৰ প্ৰতি এগৰাকী দুৰ্ভগীয়া ছাত্ৰী হিচাপে মোৰ অনুৰোধ, এই সিদ্ধান্তটো আপুনি পুনৰ বিবেচনা কৰক। ধেমাজিৰ কেবিনেট বৈঠকতে আপুনি এই সিদ্ধান্ত লৈ আমাৰ দৰে দুৰ্ভগীয়া পৰিয়ালকেইটাক উদ্ধাৰ কৰিব নোৱাৰেনে? আপুনি কোৱাৰ দৰে অৰুণোদয় বা মাৰ বিধৱা পেঞ্চনৰ বাবে ফৰ্মখন আনিবলৈ গৈয়ো বিমুখ হ’লো। আমাক সহায় কৰিবলৈকো কোনো নাই। আশাকৰো অলপ দীঘলীয়া হ’লেও আপুনি পত্ৰখন পঢ়িব আৰু আমাক এটা পথৰ সন্ধান দিব। ৰাজ্যখনৰ অভিভাৱক হিচাপে আপোনাৰ প্ৰতি এয়া আমাৰ অনুৰোধ।
পুনৰ শ্ৰদ্ধাৰে-
চয়নিকা বৰা
চানমাৰি
ৰেলগেট
তেজপুৰ ৷"

এতিয়া প্ৰশ্ন হৈছে, চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ’ব নেকি কোৰোণাৰ প্ৰথম ঢৌত মৃত্যু হোৱা লোক সকলোৰ পৰিয়ালবোৰ? ছাত্ৰীগৰাকীৰ এই চিঠিৰ উত্তৰ মুখ্যমন্ত্ৰী কেনেদৰে দিয়ে সেয়া হ’ব লক্ষণীয়।
Published by:Sanjay Kumar Das
First published: