লাভ জেহাদৰ কাৰণে উচতনি দিছে ‘বেগম জান’-এ! ধাৰাবাহিকখনৰ বিৰুদ্ধে তেজপুৰ থানাত এজাহাৰ দাখিল

News18 Assam | News18-Assam
Updated:July 9, 2020, 5:07 PM IST
লাভ জেহাদৰ কাৰণে উচতনি দিছে ‘বেগম জান’-এ! ধাৰাবাহিকখনৰ বিৰুদ্ধে তেজপুৰ থানাত এজাহাৰ দাখিল
ধাৰাবাহিক খনৰ বিৰুদ্ধে “লাভ জেহাদ” ক উচতনি দিয়াৰ অভিযোগ

ধাৰাবাহিক খনৰ বিৰুদ্ধে “লাভ জেহাদ” ক উচতনি দিয়াৰ অভিযোগ

  • Share this:
‘বেগম জান’-এ তোলপাৰ লগাইছে ৰাজ্য। ধাৰাবাহিক খন বন্ধ কৰাৰ দাবী ৰাজ্যৰ একাংশ দল সংগঠনৰ। এইবাৰ ধাৰাবাহিকখনৰ বিৰুদ্ধে এইবাৰ এজাহাৰ দাখিল কৰিলে তেজপুৰ সচেতন নাগৰিক সমাজে।



যোৱা ৬ জুলাইৰ পৰা ৰাজ্যৰ এটা ব্যক্তিগত মনোৰঞ্জনধৰ্মী চেনেলত সম্প্ৰচাৰিত হৈ থকা ‘বেগম জান’ নামৰ ধাৰাহিকখনত দেখুওৱা কেতবোৰ বিতৰ্কিত দৃশ্যাংশকলৈ সৃষ্টি হৈছে বিতৰ্কৰ। বৃহস্পতিবাৰে তেজপুৰ সচেতন নাগৰিক সমাজৰ  একাংশ বিষয়-ববীয়াই ধাৰাবাহিকখন বন্ধৰ দাবীৰে তেজপুৰ সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰাৰ লগতে পৰিচালক, প্ৰযোজক, চিত্ৰ-নাট্যকাৰ তথা নিৰ্দিষ্ট টিভি চেনেলটোৰ মুৰব্বীৰ বিৰুদ্ধে তদন্তৰ দাবী কৰে।

ধাৰাবাহিকখনৰ জৰিয়তে এক বিশেষ ধৰ্মৰ লোকৰ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ লগতে “লাভ জেহাদ” ৰ দৰে বিতৰ্কিত বিষয়বস্তুক প্ৰাধান্য দিয়াৰো অভিযোগ তোলে তেজপুৰ সচেতন নাগৰিক সমাজে ৷
Published by: Himangshu Bhuyan
First published: July 9, 2020, 2:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading