মহাভাৰতৰ কৰ্ণৰ জন্মৰ কাহিনী হয়টো সকলোৰে জ্ঞাত! কুন্তী দেৱীয়ে নৈত উটুৱাই দিয়াৰ পিছত এজন মাছ মৰীয়াই উদ্ধাৰ কৰি মহাবীৰ কৰ্ণক দিছিল পুত্ৰৰ মৰ্যদা। এইবাৰ যেন তেজপুৰত সংঘটিত হ’ল অনুৰূপ ঘটনা। বাৰিষা পানীৰে ভৰা মৰাভৰালীৰ পাৰত এজন মাছমৰীয়াই উদ্ধাৰ কৰিলে এটি নৱজাতক।
বৃহস্পতিবাৰৰ নিশা মাছ মাৰিবলৈ গৈ মৰাভৰলী পাৰত মাছ মৰীয়াজনে প্ৰত্যক্ষ কৰে নৱজাতকটি। তেজপুৰৰ জাহাজডুবাৰ শুকুৰ আলী নামৰ মাছমৰীয়াজনে নদীৰ পাৰৰ পৰা নৱজাতক কন্যা শিশুটিক উদ্ধাৰ কৰি নিজ ঘৰলৈ লৈ আহে। এতিয়া শিশুটি প্ৰতিপালন কৰিব বিচাৰিছে শুকুৰ আলীয়ে।
ইফালে এনেদৰে নৈৰ পাৰত কন্যা শিশু উদ্ধাৰৰ ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কোনো পাষাণ লোকে নিজৰ অবৈধ কুকৰ্ম লুকুৱাবলৈ এনে জঘন্য কাণ্ড সংঘটিত কৰিছে বুলি সন্দেহ কৰিছে অঞ্চলবাসীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|