তেজপুৰত জঘন্য কাণ্ড! ৬০ উৰ্ধৰ মহিলাক ধৰ্ষণ দুই ভতিজাকৰ, থানাত গোচৰ

News18 Assam | News18-Assam
Updated:November 17, 2020, 11:24 AM IST
তেজপুৰত জঘন্য কাণ্ড! ৬০ উৰ্ধৰ মহিলাক ধৰ্ষণ দুই ভতিজাকৰ, থানাত গোচৰ
ভুক্তভোগী মহিলা গৰাকীৰ পুত্ৰই জানিবলৈ দিয়া মতে, ধৰ্ষণৰ পিছত মহিলা গৰাকীক ভয় দেখুৱাই ওলোটাই টকা বিচাৰিহে ভাবুকি প্ৰদান কৰিছিল দুই ধৰ্ষণকাৰীয়ে৷

ভুক্তভোগী মহিলা গৰাকীৰ পুত্ৰই জানিবলৈ দিয়া মতে, ধৰ্ষণৰ পিছত মহিলা গৰাকীক ভয় দেখুৱাই ওলোটাই টকা বিচাৰিহে ভাবুকি প্ৰদান কৰিছিল দুই ধৰ্ষণকাৰীয়ে৷

  • News18 Assam
  • Last Updated: November 17, 2020, 11:24 AM IST
  • Share this:
এক জঘন্য ধৰ্ষণকাণ্ডই জোকাৰি গৈছে তেজপুৰ৷ ৬০ উৰ্ধৰ এগৰাকী মহিলাক উপৰ্যুপৰি ধৰ্ষণ কৰে দুই পাষণ্ডই৷
এই জঘন্য তথা চাঞ্চল্যকৰ ধৰ্ষণকাণ্ড সংঘটিত হৈছে তেজপুৰৰ কৰৈয়নি নেপালী গাঁৱত৷
দেওবাৰে সংঘটিত হয় এই অপৰাধ।

মহিলাগৰাকীৰ নিজৰে দুই ভতিজাক ক্ৰমে ২৪ আৰু ২৫ বছৰীয়া হবিবুৰ ৰহমান আৰু মন্নাচ আলিয়ে ঘৰৰ পৰা পথাৰলৈ মাতি নিয়ে ভুক্তভোগী মহিলাগৰাকীক৷ আৰু তাৰ পিছত সন্ধ্যা প্ৰায় ৬ বজাৰ পৰা নিশা প্ৰায় ১২ বজালৈ দুই পাষণ্ডই উপৰ্যুপৰি ধৰ্ষণ কৰে মহিলা গৰাকীক৷

আৰক্ষী থানাত সকলো বিৱৰি কৈছে নিৰ্যাতিতা মহিলাগৰাকীয়ে। নিশা ১২ বজাৰ পিছত মহিলা গৰাকী ঘৰত উপস্হিত হোৱাৰ পিছতে পোহৰলৈ আহে সমগ্ৰ ঘটনা৷ ভুক্তভোগী মহিলা গৰাকীয়ে সোমবাৰে বিয়লি তেজপুৰ সদৰ থানাত ন্যায় বিচাৰি দাখিল কৰিছে এজাহাৰ৷

ইয়াৰ পূৰ্বে, দেওবাৰে নিশা মহিলা গৰাকীৰ পুত্ৰই স্হানীয় বৰঘাট আৰক্ষীক ঘটনা সম্পৰ্কে অৱগত কৰে আৰু আৰক্ষীৰ এটা দল নিশাই উপস্হিত হয় যদিও দুই ধৰ্ষণকাৰী পলাতক বুলি জানিব পৰা যায়। ভুক্তভোগী মহিলা গৰাকীৰ পুত্ৰই জানিবলৈ দিয়া মতে, ধৰ্ষণৰ পিছত মহিলা গৰাকীক ভয় দেখুৱাই ওলোটাই টকা বিচাৰিহে ভাবুকি প্ৰদান কৰিছিল দুই ধৰ্ষণকাৰীয়ে৷

ধৰ্ষণৰ বলি হোৱা মহিলা গৰাকীক এতিয়া প্ৰয়োজন উপযুক্ত চিকিৎসাৰ৷ ধৰ্ষণৰ বলি হৈ খোজ কাঢ়িব নোৱাৰা এই গৰাকী বৰ্ষীয়ান মহিলাই উপযুক্ত ন্যায় পাবনে ? তেজপুৰ আৰক্ষীয়ে এই ক্ষেত্ৰত কি ব্যৱস্হা গ্ৰহণ কৰে, সেয়াহে হ'ব লক্ষ্যণীয়৷
First published: November 17, 2020, 11:24 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading