সুধাকণ্ঠ ড০ ভূপেন হাজৰিকালৈ আগবঢ়োৱা ‘ভাৰতৰত্ন’ লৈ গুৱাহাটী পালেহি পুত্ৰ তেজ হাজৰিকা। পত্নী কেণ্ডেছে হাজৰিকা, পুত্ৰ চেইজ হাজৰিকাক লগত লৈ সপৰিয়ালে উপস্থিত হ’লগৈ জালুকবাৰীস্থিত ভূপেনদাৰ সমাধিক্ষেত্ৰত। ভূপেনদাৰ প্ৰতিমূৰ্তিত ফুল নিবেদি সেৱা জনালে সকলোৱে। লগত উপস্থিত থাকে নৃপেন হাজৰিকা আৰু ডাৱৰ হাজৰিকাও। উল্লেখ্য যে ৮ আগষ্টত মৰণোত্তৰভাৱে ভূপেন হাজৰিকালৈ আগবঢ়োৱা হৈছিল দেশৰ সৰ্বোচ্চ সন্মান ‘ভাৰতৰত্ন’। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰা এই সৰ্বোচ্চ সন্মান গ্ৰহণ কৰিছিল ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাই। ভূপেন হাজৰিকাৰ লগতে ‘ভাৰতৰত্ন’ প্ৰদান কৰা হৈছিল আন দুগৰাকীকৈ ব্যক্তিক। সমাজকৰ্মী নানাজী দেশমুখক (মৰণোত্তৰভাৱে) আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক প্ৰদান কৰা হৈছিল দেশৰ সৰ্বোচ্চ সন্মান ‘ভাৰতৰত্ন’।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 10, 2019, 21:18 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।