নগাওঁ জিলাত সৰ্বাধিক প্ৰাৰ্থী।
নগাওঁ জিলাত সৰ্বাধিক প্ৰাৰ্থী।
১০ নৱেম্বৰত অনুষ্ঠিত হ’ব শিক্ষক নিযুক্তি পৰীক্ষা। টেটত বহিব ৰাজ্যৰ ৩,৯৬,৪৭৯ গৰাকী প্ৰাৰ্থী। ৰাজ্যৰ ৫৯৩ টা চেণ্টাৰত অনুষ্ঠিত হ’ব পৰীক্ষা। নিম্ন প্ৰাথমিকত অৱতীৰ্ণ হ’ব ২,৩০,৪৩০ গৰাকী প্ৰাৰ্থী। আনহাতে উচ্চ প্ৰাথমিকত অৱতীৰ্ণ হ’ব ১,৬৬,০৪৯ গৰাকী প্ৰাৰ্থী। ইয়াৰে নগাওঁ জিলাৰ ৩৪ টা পৰীক্ষাকেন্দ্ৰত সৰ্বাধিক ২৬,৭৪৪ গৰাকী পৰীক্ষাৰ্থী বহিব। স্পৰ্শকাতৰ পৰীক্ষা কেন্দ্ৰ সমূহত ফ্লায়িং স্কোৱাডৰ ব্যৱস্থা কৰিছে ছেবাই। লগতে প্ৰত্যেক চেণ্টাৰত জামাৰৰ ব্যৱস্থা কৰিব ছেবাই।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|