শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই শিক্ষকক ড্ৰাইভাৰৰ লগত তুলনা কৰাক লৈ আজি ৰাজ্যজুৰি ঠিকাভিত্তিক টেট শিক্ষকৰ প্ৰতিবাদ। শিক্ষামন্ত্ৰীৰ তীৰ্যক মন্তব্যৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ ফলত আজি অচল হৈ পৰিব ৰাজ্যৰ ৩৯ হাজাৰ প্ৰাথমিক বিদ্যালয়ত পাঠদান। ৪১ হাজাৰ ঠিকাভিত্তিক টেট শিক্ষকে ৰূপায়ণ কৰিব প্ৰতিবাদ। প্ৰতিখন জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত টেট শিক্ষকসকলে সাব্যস্ত কৰিব প্ৰতিবাদ।
উদ্ভট মন্তব্যৰ বাবে শিক্ষামন্ত্ৰীক ক্ষমা খোজাৰ দাবীৰ লগতে ঠিকাভিত্তিক টেট শিক্ষকসকলৰ দাবী তেওঁলোকৰ চাকৰি নিয়মীয়া নকৰালৈ নতুনকৈ অনুষ্ঠিত কৰিব নালাগে টেট পৰীক্ষা।
দাবী মানি নল'লে ২৯ জুনত পুনৰ দিছপুৰ ঘেৰাও কাৰ্যসূচী কৰাৰ হুংকাৰ দিলে টেট শিক্ষকসকলে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|