নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে সমগ্ৰ অসমতে শিক্ষা বিভাগ আৰু চৰকাৰৰ বিৰুদ্ধে বিভিন্ন আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে৷ তাৰ পিছতো শিক্ষা মন্ত্ৰী তথা চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ।
গোৱালপাৰাত চৰকাৰক সকীয়নি প্ৰদান কৰি টেট উত্তীৰ্ণ শিক্ষক সমাজে কয় যে চাকৰি নিয়মীয়াকৰণ আৰু দৰমহাকে ধৰি বিভিন্ন সমস্যাৰ সমাধানৰ বাবে ইমান আন্দোলন কৰাৰ পিছটো শিক্ষা মন্ত্ৰীয়ে আজিলৈ আলোচনালৈ আমন্ত্ৰণ নকৰিলে শিক্ষক সমাজক। সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে সৰ্বশিক্ষাৰ কাৰ্যালয় ঘেৰাও কৰাৰ সময়ত শিক্ষা বিভাগে সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়ে হৈ ৰ’ল। সেয়েহে চলিত মাহতে যদি চাকৰি নিয়মীয়াকৰণ আৰু আন দাবীসমূহ পূৰণ নকৰে তেন্তে অক্টোবৰ মাহত তলা ওলমাব প্ৰতিখন জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত। লগতে পুনৰ সৰ্বশিক্ষাৰ কাৰ্যালয় ঘেৰাও কৰাৰো হুংকাৰ দিয়ে শিক্ষক সমাজে।
সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ গোৱালপাৰা জিলাৰ নতুন সমিতি গঠন কৰাৰ বাবে দুধনৈত অনুষ্ঠিত সাধাৰণ সভাত এই হুংকাৰ দিয়ে শিক্ষকসকলে। মেৰাজুল হকক সভাপতি আৰু বিৰাজ কুমাৰ সাউদক সম্পাদক হিচাপে বাচনি কৰি গোৱালপাৰা জিলাৰ নতুন সমিতিখন গঠন কৰাৰ লগতে এই সভাতে পৰৱৰ্তী আন্দোলনৰ বিষয়ে আলোচনা কৰা হয়। এই সভাত উপস্থিত থাকে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ কেন্দ্ৰীয় সভাপতি আৰু সম্পাদক।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক। অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|