உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • শিক্ষা বিভাগৰ টোপ আমি নিগিলো, শিক্ষা বিভাগৰ জাননীৰ পিছতে জাঙুৰ খাই উঠিল টেট শিক্ষক

    শিক্ষা বিভাগৰ টোপ আমি নিগিলো, শিক্ষা বিভাগৰ জাননীৰ পিছতে জাঙুৰ খাই উঠিল টেট শিক্ষক

    FILE PHOTO

    FILE PHOTO

    বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপো দাবী কৰে টেট শিক্ষক সমাজে।

    • Share this:
      শিক্ষা বিভাগৰ জাননীৰ পিছতে জাঙুৰ খাই উঠিল আন্দোলনকাৰী টেট শিক্ষকসকল। এয়া টেট শিক্ষকৰ কোনো সুখবৰ নহয়, শিক্ষা বিভাগৰ এক টোপহে। এই টোপ আমি কেতিয়াও নিগিলো বুলি মন্তব্য টেট শিক্ষক সমাজৰ।

      শিক্ষা বিভাগে জাৰি কৰা জাননীখনত উল্লেখ আছে যে টেট উত্তীৰ্ণই পুনৰ টেট দিব নালাগে। বিধানসভা অধিবেশনৰ পূৰ্বে এয়া এক ষড়যন্ত্ৰহে বুলি মন্তব্য কৰে টেট শিক্ষকসকলে। বিৰোধীয়ে বিষয়টো সদনত উত্থাপন কৰিব বুলি ভয় খাই এনে কৰাৰ অভিযোগ।

      চাওক চাকৰিৰ প্ৰলোভনেৰে  মহানগৰীত যুৱতীক অশ্লীল প্ৰস্তাৱঃ

      টেট শিক্ষক সমাজে কয় – আমি কেতিয়াও পুনৰ আবেদন নকৰো। আমাৰ চাকৰি নিয়মীয়াকৰণ হ’বই লাগিব। এয়া আমাৰ পূৰ্বৰ পৰাই মূল দাবী। অন্যথা আমি স্থগিত ৰখা আন্দোলন পুনৰ আৰম্ভ কৰিম। আমাৰ লগত ৰাজনীতি কৰি লাভ নাই। আমি শিক্ষক, কেৱল শিক্ষকতা কৰিব জানো। বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপো দাবী কৰে টেট শিক্ষক সমাজে।
      First published: