৪০ হেজাৰ শিক্ষক শিক্ষয়িত্ৰীয়ে দিছপুৰ কঁপাই তোলাৰ হুংকাৰ
৪০ হেজাৰ শিক্ষক শিক্ষয়িত্ৰীয়ে দিছপুৰ কঁপাই তোলাৰ হুংকাৰ
ৰাজ্যজুৰি প্ৰতিবাদত বহিল প্ৰাথমিক টেট শিক্ষক। প্ৰাথমিক টেট উত্তীৰ্ণ সকলো শিক্ষক- শিক্ষয়িত্ৰী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত (TET Teacher Protest) বহিল মঙলবাৰে। দীৰ্ঘ দিনৰে পৰা দাবী জনাই অহাৰ পিছতো চাকৰি নিয়মীয়াকৰণ নকৰা, মৰগীয়া বানচ আদায় নিদিয়া, মেডিকেল ৰি-ইম্বাৰ্চমেণ্টৰ পৰা বঞ্চিত কৰাত মঙলবাৰে প্ৰতিবাদত নামি পৰে শিক্ষক সমাজ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলা মিছন সমন্বয়কৰ কাৰ্যালয়ৰ সন্মুখতো আজি অৱস্থান ধৰ্মঘটৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ জিলা সমিতিয়ে।
শিক্ষক-শিক্ষয়িত্ৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ টেট উত্তীৰ্ণ শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰক, মৰগীয়া বানচ আদায় দিয়ক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। অসম চৰকাৰৰ কেবিনেটত টেট উত্তীৰ্ণ প্ৰাথমিক শিক্ষক-শিক্ষয়িত্ৰী সকলৰ স্বাৰ্থত যিবোৰ সিদ্ধান্ত লৈছিল সেইবোৰ কাৰ্যকৰী নকৰা বুলি ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদী শিক্ষক-শিক্ষয়িত্ৰী সকলে।
নীতি অনুসৰি এই শিক্ষকসকলক ৩১ শতাংশ মৰগীয়া বানচ দিব লাগিছিল যদিও মাত্ৰ ১২ শতাংশ মৰগীয়া বানচ লৈয়ে শিক্ষকতা কৰি থকা বুলি অভিযোগ কৰে প্ৰতিবাদী শিক্ষকসকলে। অনাগত দিনত চাকৰি নিয়মীয়াকৰণকে ধৰি প্ৰাপ্য সা-সুবিধা আদায় নিদিলে ৪০ সহস্ৰাধিক প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকে দিছপুৰ কঁপাই তুলিব বুলি হুংকাৰ দিয়ে। ৪০ হেজাৰ শিক্ষক শিক্ষয়িত্ৰীক দিছপুৰ যাবলৈ বাধ্য কৰিলে অসম চৰকাৰৰ মন্ত্ৰী বিধায়কো থাকিবলৈ ঠাই নোহোৱা হ’ব বুলি কটাক্ষ কৰে টেট উত্তীৰ্ণ শিক্ষক সমাজৰ শিৱসাগৰ জিলা সমিতিয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|