• Home
  • »
  • News
  • »
  • assam
  • »
  • TET Teacher Protest : ৪০ হাজাৰ টেট উত্তীৰ্ণ শিক্ষকে কঁপাব কাহিলীপাৰা! ন্যায্য প্ৰাপ্তিৰ দাবীত শিক্ষক সমাজে সাব্যস্ত কৰিব প্ৰতিবাদ

TET Teacher Protest : ৪০ হাজাৰ টেট উত্তীৰ্ণ শিক্ষকে কঁপাব কাহিলীপাৰা! ন্যায্য প্ৰাপ্তিৰ দাবীত শিক্ষক সমাজে সাব্যস্ত কৰিব প্ৰতিবাদ

পুৱাৰে পৰা কাৰ্যালয়ৰ ভিতৰে–বাহিৰে নিয়োজিত কৰা হৈছে আৰক্ষী–অৰ্ধসামৰিক বাহিনী৷

পুৱাৰে পৰা কাৰ্যালয়ৰ ভিতৰে–বাহিৰে নিয়োজিত কৰা হৈছে আৰক্ষী–অৰ্ধসামৰিক বাহিনী৷

পুৱাৰে পৰা কাৰ্যালয়ৰ ভিতৰে–বাহিৰে নিয়োজিত কৰা হৈছে আৰক্ষী–অৰ্ধসামৰিক বাহিনী৷

  • Share this:
কাহিলীপাৰাত মিছন সঞ্চালকৰ কাৰ্যালয়ত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকে সাব্যস্ত কৰিব প্ৰতিবাদ৷ দিনৰ ১১ বজাত টেট উত্তীৰ্ণ শিক্ষক সমাজে প্ৰতিবাদ সাব্যস্ত কৰিব৷ শিক্ষক সমাজৰ প্ৰতিবাদক লৈ কাহিলীপাৰাৰ সৰ্বশিক্ষাৰ মিছন সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত ব্যাপক নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ৷ পুৱাৰে পৰা কাৰ্যালয়ৰ ভিতৰে–বাহিৰে নিয়োজিত কৰা হৈছে আৰক্ষী–অৰ্ধসামৰিক বাহিনী৷

উল্লেখযোগ্য যে শিক্ষক সমাজৰ দাবী অনুসৰি, ২০১৩ চনৰ পৰা লাভ কৰি থকা মৰগীয়া বানচ ২০১৯ চনৰ জুলাই মাহৰ পৰা ৰহস্যজনক কাৰণত ৩০ মাহ ধৰি বঞ্চিত কৰি ৰাখি মাত্ৰ ৫ শতাংশ মৰগীয়া বানচ ২০২২ চনৰ জানুৱাৰী মাহৰ পৰা বকেয়াবিহীনভাৱে প্ৰদা নকৰাৰ লগতে ২০২১ চনৰ পৰা বৰ্ধিত ১১ শতাংশ আৰু ৩ শতাংশ মৰগীয়া বানচ আজিলৈকে আদায় নিদিয়াৰ বাবে সমগ্ৰ অসমৰ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকল ক্ষোভিত হৈ পৰিছে।

যাৰ বিৰদ্ধে টেট উত্তীৰ্ণ ৪০ হাজাৰ শিক্ষক সমাজ ঐক্যবদ্ধ হৈ কাহিলীপাৰাৰ মিছন সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰিব প্ৰতিবাদ ৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি