• Home
  • »
  • News
  • »
  • assam
  • »
  • TET Teacher Protest : কাহিলিপাৰাত ঠিকাভিত্তিক টেট শিক্ষকৰ প্ৰতিবাদ, শ শ প্ৰতিবাদকাৰীক আটক

TET Teacher Protest : কাহিলিপাৰাত ঠিকাভিত্তিক টেট শিক্ষকৰ প্ৰতিবাদ, শ শ প্ৰতিবাদকাৰীক আটক

শিক্ষক সমাজৰ প্ৰতিবাদক লৈ কাহিলীপাৰাৰ সৰ্বশিক্ষাৰ মিছন সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত পুৱাৰে পৰা ব্যাপক নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হয় ৷

  • Share this:
কাহিলিপাৰাত ঠিকাভিত্তিক টেট শিক্ষকৰ প্ৰতিবাদ। সৰ্বশিক্ষা মিছন সঞ্চালকালয়ৰ কাৰ্যালয়ৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলে। শ শ প্ৰতিবাদকাৰীক আটক কৰিছে আৰক্ষীয়ে। বাছত ভৰাই শিক্ষকসকলক লৈ যোৱা হৈছে প্ৰতিবাদস্থলীৰ পৰা। প্ৰাপ্য দাবীৰে আজি কাহিলিপাৰাত টেট উত্তীৰ্ণ শিক্ষকসকল একগোট হৈ সাব্যস্ত কৰে প্ৰতিবাদ।

শিক্ষক সমাজৰ প্ৰতিবাদক লৈ কাহিলীপাৰাৰ সৰ্বশিক্ষাৰ মিছন সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত পুৱাৰে পৰা ব্যাপক নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হয় ৷ পুৱাৰে পৰা কাৰ্যালয়ৰ ভিতৰে–বাহিৰে নিয়োজিত কৰা হয় আৰক্ষী–অৰ্ধসামৰিক বাহিনী৷

উল্লেখযোগ্য যে শিক্ষক সমাজৰ দাবী অনুসৰি, ২০১৩ চনৰ পৰা লাভ কৰি থকা মৰগীয়া বানচ ২০১৯ চনৰ জুলাই মাহৰ পৰা ৰহস্যজনক কাৰণত ৩০ মাহ ধৰি বঞ্চিত কৰি ৰাখি মাত্ৰ ৫ শতাংশ মৰগীয়া বানচ ২০২২ চনৰ জানুৱাৰী মাহৰ পৰা বকেয়াবিহীনভাৱে প্ৰদা নকৰাৰ লগতে ২০২১ চনৰ পৰা বৰ্ধিত ১১ শতাংশ আৰু ৩ শতাংশ মৰগীয়া বানচ আজিলৈকে আদায় নিদিয়াৰ বাবে সমগ্ৰ অসমৰ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকল ক্ষোভিত হৈ পৰিছে।
যাৰ বিৰদ্ধে টেট উত্তীৰ্ণ ৪০ হাজাৰ শিক্ষক সমাজ ঐক্যবদ্ধ হৈ কাহিলীপাৰাৰ মিছন সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ ৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি