• Home
  • »
  • News
  • »
  • assam
  • »
  • বাক্সাত টেট শিক্ষকৰ সংবাদমেল, কিহৰ বাবে আদালতৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ এইসকল শিক্ষকৰ?

বাক্সাত টেট শিক্ষকৰ সংবাদমেল, কিহৰ বাবে আদালতৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ এইসকল শিক্ষকৰ?

সংস্থাটোৱে বিটিআৰত কৰ্মৰত সকলো শিক্ষককে অভিজ্ঞতাৰ ভিত্তিত অতিৰিক্ত ৫০ নম্বৰ দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়৷

সংস্থাটোৱে বিটিআৰত কৰ্মৰত সকলো শিক্ষককে অভিজ্ঞতাৰ ভিত্তিত অতিৰিক্ত ৫০ নম্বৰ দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়৷

সংস্থাটোৱে বিটিআৰত কৰ্মৰত সকলো শিক্ষককে অভিজ্ঞতাৰ ভিত্তিত অতিৰিক্ত ৫০ নম্বৰ দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়৷

  • Share this:
বিটিচিৰ শিক্ষা বিভাগে যোৱা ২৮ জুলাই তাৰিখে প্ৰকাশ কৰা এক বিজ্ঞাপনক লৈ জাঙুৰ খাই উঠিছে বাক্সা জিলাৰ সৰ্বশিক্ষাত কৰ্মৰত ঠিকাভিত্তিক টেট শিক্ষক সংস্থাই৷ বৃহস্পতিবাৰে বাক্সা জিলাৰ সদৰ মুছলপুৰত এক সংবাদমেল সম্বোধন কৰি সংস্থাটোৱে অভিযোগ কৰে যে বিটিচিৰ শিক্ষা বিভাগে যোৱা ২৮ জুলাই তাৰিখে টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলক উদ্দেশ্যি এক বিজ্ঞাপন প্ৰকাশ কৰিছিল৷ বিজ্ঞাপনটোৰ ১৬(এ)-৫ আৰু ১৬(বি)-৫ ত উল্লেখ কৰিছে যে বিটিআৰত কৰ্মৰত কেৱল ছমহীয়া শিক্ষকসকলক অভিজ্ঞতাৰ ভিত্তিত অতিৰিক্ত ৫০ নম্বৰ যোগ দিয়া হ'ব৷ ইয়াৰ জৰিয়তে ২০১৩ চনৰ পৰা সৰ্বশিক্ষাৰ অধীনত মেধাৰ ভিত্তিত নিযুক্তিপ্ৰাপ্ত ঠিকাভিত্তিক কৰ্মৰত টেট শিক্ষক সকলক অন্যায় কৰিব বিচাৰিছে৷

ছমহীয়া শিক্ষকসকলে যদি ৫০ নম্বৰ অতিৰিক্ত পাব পাৰে তেন্তে কিহৰ বাবে আঠ বছৰে কৰ্মৰত ঠিকাভিত্তিক টেট শিক্ষকসকলৰ প্ৰতি এনে বৈষম্য বুলি প্ৰশ্ন কৰে সংস্থাটোৱে৷ উল্লেখ্য যে বিজ্ঞাপনটোত বিটিচিৰ অধীনৰ ছমহীয়া ঠিকাভিত্তিক শিক্ষকসকলক অতিৰিক্তভাৱে ৫০ নম্বৰকৈ ধৰি দিয়াৰ কথা উল্লেখ কৰাত মেধাৰ ভিত্তিত সৰ্বশিক্ষাত কৰ্মৰত এইসকল শিক্ষক বঞ্চিত হোৱাটো প্ৰায় নিশ্চিত হৈছে৷

এনে পৰিস্থিতিত সংস্থাটোৱে বিটিআৰত কৰ্মৰত সকলো শিক্ষককে অভিজ্ঞতাৰ ভিত্তিত অতিৰিক্ত ৫০ নম্বৰ দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়৷ এই সংবাদমেলযোগে সংস্থাটোৱে বিটিচিৰ অধীনৰ ছমহীয়া শিক্ষকসকলৰ দৰে সৰ্বশিক্ষাত কৰ্মৰত শিক্ষকসকলকো অভিজ্ঞতাৰ ভিত্তিত ৫০ নম্বৰকৈ অতিৰিক্তভাৱে প্ৰদান কৰাৰ লগতে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ ব্যৱস্থা কৰিবলৈ বিটিচি প্ৰধান প্ৰমোদ বড়োক আহ্বান জনায়৷ অন্যথা সংস্থাটোৱে ইয়াৰ বিৰুদ্ধে আদালতৰ দাৰস্থ হ'ব বুলিও হুংকাৰ প্ৰদান কৰে। উল্লেখ্য যে বাক্সা জিলাত সৰ্বশিক্ষাৰ অধীনত প্ৰায় ৫০০ গৰাকীকৈ টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক-শিক্ষয়ত্ৰীয়ে বৰ্তমানো কৰ্মৰত হৈ আছে।
Published by:Sanjay Kumar Das
First published: