প্ৰতিবাদকাৰী টেট শিক্ষকৰ নিদৰ্শন, প্ৰতিবাদৰ অন্তত পৰিষ্কাৰ কৰিলে প্ৰতিবাদস্থলী

প্ৰতিবাদৰ ফলত যথেষ্ট লেতেৰাও হৈছিল খানাপাৰাৰ খেলপথাৰ। কিন্তু প্ৰতিবাদ শেষ হোৱাৰ পিছত শিক্ষকসকলে দেখুৱালে অনন্য নিদৰ্শন। প্ৰতিগৰাকী প্ৰতিবাদকাৰীয়ে চাফা কৰি থৈ গ’ল খেলপথাৰখন। 

News18-Assam
Updated:June 30, 2019, 1:31 PM IST
প্ৰতিবাদকাৰী টেট শিক্ষকৰ নিদৰ্শন, প্ৰতিবাদৰ অন্তত পৰিষ্কাৰ কৰিলে প্ৰতিবাদস্থলী
প্ৰতিবাদৰ ফলত যথেষ্ট লেতেৰাও হৈছিল খানাপাৰাৰ খেলপথাৰ। কিন্তু প্ৰতিবাদ শেষ হোৱাৰ পিছত শিক্ষকসকলে দেখুৱালে অনন্য নিদৰ্শন। প্ৰতিগৰাকী প্ৰতিবাদকাৰীয়ে চাফা কৰি থৈ গ’ল খেলপথাৰখন। 
News18-Assam
Updated: June 30, 2019, 1:31 PM IST
শনিবাৰে খানাপাৰা খেলপথাৰত চাকৰি নিয়মীয়াকৰণৰ দাবীত  টেট শিক্ষকে সাব্যস্ত কৰিছিল প্ৰতিবাদ। ২০ সহস্ৰাধিক টেট শিক্ষক সমবেত হৈছিল খানাপাৰাত। সদৌ অসম টেট শিক্ষক সন্থাৰ দিছপুৰ চলো কাৰ্যসূচীত বাধা দিবৰ বাবে যুদ্ধসদৃশ পৰিৱেশ সৃষ্টি কৰিছিল আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে।



এই প্ৰতিবাদৰ মাজতে দেখা পোৱা গৈছিল এক ব্যতিক্ৰমী দৃশ্য। প্ৰতিবাদৰ বাবে হাতে হাতে প্লে’ কাৰ্ড  আৰু পোষ্টাৰ লৈ আহিছিল টেট শিক্ষকসকলে।



প্ৰতিবাদৰ ফলত যথেষ্ট লেতেৰাও হৈছিল খানাপাৰাৰ খেলপথাৰ। কিন্তু প্ৰতিবাদ শেষ হোৱাৰ পিছত শিক্ষকসকলে দেখুৱালে অনন্য নিদৰ্শন। প্ৰতিগৰাকী প্ৰতিবাদকাৰীয়ে চাফা কৰি থৈ গ’ল খেলপথাৰখন।



 
আৰু চাওক পৰৱৰ্তী বাতৰি