মটৰ দুৰ্ঘটনাই এগৰাকী টেট শিক্ষয়ত্ৰীৰ জীৱনলৈ নমাই আনিলে কাল অমানিশা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আগবঢ়ালে সহায়ৰ হাত

মটৰ চাইকেল দুৰ্ঘটনাই এগৰাকী টেট শিক্ষয়ত্ৰীৰ জীৱনলৈ নমাই আনিছিল চৰম দুৰ্দশা।
মটৰ চাইকেল দুৰ্ঘটনাই এগৰাকী টেট শিক্ষয়ত্ৰীৰ জীৱনলৈ নমাই আনিছিল চৰম দুৰ্দশা।
- News18 Assam
- Last Updated: February 4, 2021, 2:37 PM IST
চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা পিতৃ উৎলেন্দ্ৰ নাথ দাসে জীৱনৰ সমস্ত উপাৰ্জন কন্যাৰ চিকিৎসাৰ নামত ব্যয় কৰাৰ পিছতো সুস্থ হৈ উঠা নাই মুনমুন ৷ প্ৰায় এবছৰ ধৰি জিএনআৰচি হাস্পতালত ৰাখি চিকিৎসা চলাই পৰিয়ালটো এতিয়া সৰ্বস্বান্ত ৷ ইপিনে দুৰ্ঘটনাৰ পিছত বিগত ৭ বছৰ ধৰি মাহেকীয়া দৰমহাখিনিৰ পৰা বঞ্চিত হৈ ৰৈছে দুৰ্ভগীয়া শিক্ষয়ত্ৰীগৰাকীয়ে ৷
পিতৃয়ে বিষয়াৰ দুৱাৰে দুৱাৰে দৌৰিও আজিলৈ প্ৰাপ্য দৰমহাখিনি আদায় কৰিবলৈ সক্ষম নহ'ল ৷ ২০১১ চনত বৰপেটাৰ মন্দিয়াৰ এখন প্ৰাথমিক বিদ্যালয়ত টেট শিক্ষক পদত যোগদান কৰি জীৱনটো আৰম্ভহে কৰিছিল ৷ পিছে জীৱন আৰম্ভ কৰিবলৈ নৌপাওতেই মুনমুন দাস নমৰ শিক্ষয়ত্ৰীগৰাকীৰ এতিয়া সংগী পৰিল মাথো বিচনাখন ৷