টেট পৰীক্ষাত অনুত্তীৰ্ণ প্ৰাৰ্থীক গ্ৰেছ মাৰ্ক দি উত্তীৰ্ণ ঘোষণা কৰা হ’ল কিয়? ব্যাপক প্ৰতিক্ৰিয়া

News18 Assam | News18-Assam
Updated:October 29, 2020, 9:05 AM IST
টেট পৰীক্ষাত অনুত্তীৰ্ণ প্ৰাৰ্থীক গ্ৰেছ মাৰ্ক দি উত্তীৰ্ণ ঘোষণা কৰা হ’ল কিয়? ব্যাপক প্ৰতিক্ৰিয়া
টেট পৰীক্ষাত বহু প্ৰাৰ্থীয়ে গ্ৰেছ মাৰ্ক লাভ কৰি উত্তীৰ্ণ হোৱা ঘটনাই শেহতীয়াকৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে উজনি অসমৰ মাধ্যমিক টেট পৰীক্ষাত গ্ৰেছ মাৰ্ক নোপোৱাকৈ উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ মাজত।

টেট পৰীক্ষাত বহু প্ৰাৰ্থীয়ে গ্ৰেছ মাৰ্ক লাভ কৰি উত্তীৰ্ণ হোৱা ঘটনাই শেহতীয়াকৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে উজনি অসমৰ মাধ্যমিক টেট পৰীক্ষাত গ্ৰেছ মাৰ্ক নোপোৱাকৈ উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ মাজত।

  • Share this:
শিক্ষক নিযুক্তিৰ বাবে যোগ্যতা নিৰূপক হিচাবে অনুষ্ঠিত হৈ অহা টেট পৰীক্ষাৰ ফলাফলত বিসংগতি হোৱাৰ অভিযোগ তুলিছে বহু প্ৰাৰ্থীয়ে। এই বিসংগতিৰ অভিযোগ উত্থাপন হৈছে টেট পৰীক্ষাত অনুত্তীৰ্ণ একাংশ প্ৰাৰ্থীয়ে গ্ৰেছ মাৰ্ক লাভ কৰি এই পৰীক্ষাত উত্তীৰ্ণ হোৱাক লৈ।

টেট পৰীক্ষাত বহু প্ৰাৰ্থীয়ে গ্ৰেছ মাৰ্ক লাভ কৰি উত্তীৰ্ণ হোৱা ঘটনাই শেহতীয়াকৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে উজনি অসমৰ মাধ্যমিক টেট পৰীক্ষাত গ্ৰেছ মাৰ্ক নোপোৱাকৈ উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ মাজত। উল্লেখ্য, এইসকল প্ৰাৰ্থীয়ে অভিযোগ কৰিছে  যে মাধ্যমিক টেটৰ বিজ্ঞাপনত স্পষ্টকৈ উল্লেখ থকা মতে, সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীসকলে টেটৰ দুয়োখন কাকতত ৬০ শতাংশ নম্বৰ পালেহে যোগ্য বুলি বেবিচিত হ'ব আৰু OBC, ST, SC প্ৰাৰ্থীসকলে যোগ্যতা লাভ কৰাৰ বাবে দুয়োখন পেপাৰত ৫৫ শতাংশ নম্বৰ লাভ কৰিব লাগিব।  কিন্তু ইয়াৰ পিছতো উত্তীৰ্ণ নোহোৱা বহু প্ৰাৰ্থীক গ্ৰেছ মাৰ্ক দি উত্তীৰ্ণ কৰোৱা হৈছে। শিক্ষক নিযুক্তিৰ যোগ্যতা মাপক পৰীক্ষাত কিয় এনেদৰে গ্ৰেছ মাৰ্কৰ ব্যৱস্থা কৰা হ’ল বৰ্তমান সেই প্ৰশ্ন উৎথাপন কৰিছে বাকী প্ৰাৰ্থীসকলে।

"এয়া গ্ৰেছ মাৰ্ক নহয়। আমি ইয়াক গিফ্ট মাৰ্ক বা উপহাৰ নম্বৰ বুলি অভিহিত কৰিছো। শিক্ষকৰ যোগ্যতা নিৰূপক এই পৰীক্ষাত কিয় অনুত্তীৰ্ণ বৃহৎ সংখ্যক প্ৰাৰ্থীক এনেদৰে উপহাৰ নম্বৰ দি পাছ কৰাই দিয়া হৈছে আমি বুজি পোৱা নাই। ইয়াৰ ফলত নিযুক্তিৰ সময়ত মেধাৰ ভিত্তিত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকল বঞ্চিত হোৱাৰ সম্ভাৱনা আছে। ", মাধ্যমিক টেট উত্তীৰ্ণ এগৰাকী প্ৰাৰ্থীয়ে এনেদৰে কয়।

২০২০ বৰ্ষৰ মাধ্যমিক টেটত যিসকল প্ৰাৰ্থীয়ে সম্পূৰ্ণ মেধাৰ ভিত্তিত পাছ কৰিছে তেওঁলোকক যদি নিযুক্তিত অগ্ৰাধিকাৰ দিয়া নহয় তেন্তে এই নিযুক্তি প্ৰক্ৰিয়া কেতিয়াও নিকা নহ’ব বুলি এইসকল প্ৰাৰ্থীয়ে দাবী কৰিছে। বৰ্তমান মাধ্যমিক টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ সংখ্যা হল ১২০৩২ গৰাকী। ইয়াৰে ৭৪১৭ গৰাকী প্ৰাৰ্থীয়ে গ্ৰেছ মাৰ্ক লাভ নকৰাকৈ মেধাৰ ভিত্তিত উত্তীৰ্ণ হৈছে।

আনহাতে, গ্ৰেছ মাৰ্ক বা উপহাৰ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে ৪৬১৫ গৰাকী প্ৰাৰ্থী। কিন্তু শেহতীয়াকৈ বিজ্ঞাপন প্ৰকাশ পাইছে মাত্ৰ ৫৭৪৬টা পদৰ বাবে। গ্ৰেছ মাৰ্ক লাভ কৰা প্ৰাৰ্থীসকল দৰাচলতে এই পৰীক্ষাত অনুত্তীৰ্ণ প্ৰাৰ্থী বুলি যোৰহাটত সংবাদ মাধ্যমৰ সন্মুখত  মত ব্যক্ত কৰিছে এইসকল প্ৰাৰ্থীয়ে।

"টেট পৰীক্ষাত ফেইল কৰা এই প্ৰাৰ্থীসকলৰ সৈতে নিযুক্তিৰ প্ৰতিযোগিতাত আমি অৱতীৰ্ণ নহওঁ। বৰ্তমান গ্ৰেছ মাৰ্ক লাভ নকৰাকৈ উত্তীৰ্ণ প্ৰাৰ্থীৰ সংখ্যাতকৈ কম পদ ওলাইছে। তেনেস্থলত চাৰি সহস্ৰাধিক প্ৰাৰ্থীক গ্ৰেছ মাৰ্ক দি উত্তীৰ্ণ কৰোৱাৰ যুক্তি কি!", মাধ্যমিক টেট পৰীক্ষাত গ্ৰেছ মাৰ্ক নোহোৱাকৈ উত্তীৰ্ণ হোৱা আন এগৰাকী প্ৰাৰ্থীয়ে এনেদৰে কয়।

মেধাৰ ভিত্তিত টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে নিযুক্তিৰ ক্ষেত্ৰত তেওঁলোকক অগ্ৰাধিকাৰ দিবলৈ চৰকাৰক আহ্বান জনাইছে। এই বিষয়সমূহত গুৰুত্ব আৰোপ কৰি মেধাৰ ভিত্তিত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক নিযুক্তি প্ৰক্ৰিয়াত অগ্ৰাধিকাৰ দিবলৈ সমূহ ন'ন গ্ৰেছ মাধ্যমিক টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে দাবী জনাইছে।
Published by: Sanjay Kumar Das
First published: October 29, 2020, 9:05 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading