সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ বৰপেটা জিলা সমিতিয়ে বুধবাৰে এখন সংবাদমেল সম্বোধন কৰে। ৩০ মাহ ধৰি মৰগীয়া বানচৰ পৰা বঞ্চিত হৈ আহিছে সৰ্বশিক্ষাৰ ৪০,০০০ শিক্ষক। গতিকে এই বিষয়ৰ ওপৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ৰ হস্তক্ষেপ বিচাৰি সংবাদ মেল সম্বোধন কৰে।
সৰ্বশিক্ষাৰ অধীনৰ শিক্ষক সকলক বিনাচৰ্তে চাকৰি নিয়মীয়াকৰাণ কৰা, নিয়মীয়াকৰণ নোহোৱা পর্যন্ত ২০১৯ চনৰ ১ জুলাইৰ কেবিনেট সিদ্ধান্ত নির্দেশনা অনুসৰি নিয়মীয়া শিক্ষকৰ মর্যাদা প্রদানেৰে সমহাৰত সকলো সুবিধা প্ৰদান কৰা তথা ২০১১ চনৰ জুলাই মাহৰ পৰা পর্যায়ক্রমে ৫ শতাংশ , ১৯ শতাংশ আৰু ৩ শতাংশ মৰগীয়া বানচ, বকেয়া সহ শীঘ্ৰে মুকলি কৰি দিয়াৰ বাবে সংগঠনটোৰ বৰপেটা জিলা সমিতিৰ নেতৃত্বই সংবাদমেল যোগে চৰকাৰ তথা বিভাগক দাবী জনায়।
সর্বশিক্ষাৰ অন্তৰ্গত প্রাথমিক টেট উত্তীর্ণ শিক্ষক সকলে অতি দূর্ভাগ্যজনক ভাবে ৩০ মাহ ধৰি তিনিটাকৈ বৰ্ধিত মৰগীয়া ৰানচৰ পৰা বঞ্চিত হৈ আছে। নিয়মীয়া শিক্ষকসকলৰ ৩১ শতাংশ মৰগীয়া বানচৰ বিপৰীতে বর্তমানেও সৰ্বশিক্ষাৰ শিক্ষকসকলে ১২ শতাংশ মৰগীয়া বানচহে লাভ কৰি আছে বুলি প্ৰকাশ কৰে ৷
আনহাতে , নিয়মীয়া শিক্ষকসকলে লাভ কৰা এনপিএ , চাৰ্ভিচবুক, মৃত্যুকালীন সুবিধা, শিক্ষক বঁটা , এমএটিপিএচ , আপোন ঘৰ লোন আদিও আজিলৈকে লাভ কৰা নাই সৰ্বশিক্ষাৰ অধীনৰ এইসকল শিক্ষকে।
উল্লেখ যে , ২০১৯ চনৰ ১ জুলাইৰ কেবিনেট সিদ্ধান্ত অনুসৰি প্রকাশ পোৱা নির্দেশনা মতে নিয়মীয়া কৰ্মচাৰীৰ সমহাৰত সকলো সুবিধা লাভ কৰিব বুলি ঘোষণা কৰাৰ পাছতো নিয়মীয়া শিক্ষকসকলৰ বিপৰীতে ঠিকাভিত্তিক এইসকল শিক্ষকে প্রতিটো ক্ষেএতে বঞ্চিতহে হৈ আহিছে বুলি কয় সংবাদমেলত।