প্ৰতিবাদত উত্তাল প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয় ৷ ২০১৮-২০ বৰ্ষত উত্তীৰ্ণ প্ৰায় ৫ শতাধিক d.el.ed ডিগ্ৰীধাৰী প্ৰাৰ্থীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷
প্ৰতিবাদত উত্তাল প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয় ৷ ২০১৮-২০ বৰ্ষত উত্তীৰ্ণ প্ৰায় ৫ শতাধিক d.el.ed ডিগ্ৰীধাৰী প্ৰাৰ্থীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ কিয়নো শিক্ষকৰ যোগ্যতা অৰ্জনৰ বাবে d.el.ed পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ লগতে টেট উত্তীৰ্ণ হোৱাৰ পিছতো তেওঁলোক বঞ্চিত হ’ল শিক্ষক পদত আবেদন কৰিবলৈ ৷ ইয়াৰ প্ৰধান কাৰণটোৱে হ’ল আবেদন প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ সময়ত তেওঁলোকৰ ফলাফল ঘোষণা কৰা হোৱা নাছিল।
ফলত বুধবাৰে আবেদনৰ সময়-সীমা বৃদ্ধি কৰাৰ দাবীৰে হাতে হাতে প্লে কাৰ্ডলৈ প্ৰতিবাদত বহে শিক্ষাৰ্থীসকল। ‘আবেদনৰ তাৰিখ বৃদ্ধি কৰক’, ‘মেধা সম্পন্ন প্ৰাৰ্থীক আগস্থান দিয়ক’, আজি শ্লোগানেৰে কঁপাই তোলে প্ৰাথমিক শিক্ষা সঞ্চালকালয় কাৰ্য্যলয়ৰ চৌহদ।
উল্লেখযোগ্য যে, শিক্ষা বিভাগৰ ভুলৰ বলি হ’ল এই ৫ শতাধিক টেট উত্তীৰ্ণ শিক্ষাৰ্থী। কিয়নো সময় মতে d.el.ed ৰ ফলাফল ঘোষণা কৰা হ’লে আবেদনৰ পৰা বঞ্চিত নহ’ল হেতেন শিক্ষাৰ্থীসকল। আবেদন প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত ফলাফল ঘোষণা কৰাৰ বাবে যোগ্যতা থাকিও এতিয়া চাকৰি লাভৰ পৰা বঞ্চিত হোৱাৰ আশংকাত দিন পাৰ কৰিবলগীয়া হৈছে শিক্ষাৰ্থীসকলে।
ইফালে নিযুক্তি লাভৰ পৰা বঞ্চিত প্ৰাৰ্থীসকলে ইয়াৰ পূৰ্বে স্মাৰক পত্ৰ প্ৰদান কৰিছিল শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷ পিছে বিভাগীয় মন্ত্ৰীগৰাকীয়ে আবেদনৰ সময়সীমা বৃদ্ধি কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা হাতত নোলোৱাত প্ৰতিবাদ মুখৰ হৈ পৰে শিক্ষাৰ্থীসকল। পিছত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে তেওঁলোকৰ দাবীৰ সম্পৰ্কে দিছপুৰলৈ আবেদন কৰিব বুলি এক প্ৰস্তাৱ গ্ৰহণ কৰে ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|