ৰাজ্যত চলিত বৰ্ষত অনুষ্ঠিত হ’ব শিক্ষকৰ যোগ্যতা নিৰূপক পৰীক্ষা চমুকৈ TET৷ ২০২০ বৰ্ষত অনুষ্ঠিত নহ’ল টেট৷ সেয়ে চলিত বছৰত টেট পৰীক্ষা অনুষ্ঠিত কৰাক লৈ বদ্ধপৰিকৰ ৰাজ্যৰ শিক্ষা বিভাগ৷ শিক্ষা বিভাগৰ এই সিদ্ধান্তই স্বাভাৱিকতে আশাৰ বতৰা কঢ়িয়াইছে শিক্ষক হ’ব বিচৰা প্ৰাৰ্থীসকলৰ বাবে৷
তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব টেট ৷ LP, ME আৰু হাইস্কুলৰ বাবে পৃথক পৃথকভাৱে অনুষ্ঠিত হ’ব এই পৰীক্ষা৷ হাইস্কুল শিক্ষকৰ বাবে বাধ্যতামূলক হ’ব B.Ed ডিগ্ৰী৷ বিপৰীতে LP, ME শিক্ষকৰ বাবে D. El. Ed. ডিগ্ৰী৷ সংবাদমেলযোগে ঘোষণা ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ৷
ইপিনে CTET উত্তীৰ্ণ প্ৰাৰ্থীসকলক ৰাজ্য চৰকাৰৰ অধীনস্থ টেট পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আহ্বান৷ কিয়নো CTET কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ শিক্ষকৰ বাবে৷ উল্লেখযোগ্য যে অক্টোবৰ মাহত অনুষ্ঠিত হ’বলগীয়া এই পৰীক্ষাৰ অচিৰেই বিজ্ঞাপন প্ৰকাশ কৰাৰ সিদ্ধান্ত চৰকাৰৰ৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 17, 2021, 17:12 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।