টেট পৰীক্ষা! ছচিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য

সিদ্ধাৰ্থ ভট্টাচাৰ্যই টেট পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ বি.এড অথবা ডি এল এড ডিগ্ৰী বাধ্যতামূলক নহয় বুলি উল্লেখ কৰিছিল

News18-Assam
Updated:September 19, 2019, 3:55 PM IST
টেট পৰীক্ষা! ছচিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য
Source-Google
News18-Assam
Updated: September 19, 2019, 3:55 PM IST
নবেম্বৰ মাহত ৰাজ্যত অনুষ্ঠিত হ’ব টেট পৰীক্ষা। প্ৰায় ৭ বছৰৰ পিছত ৰাজ্যত অনুষ্ঠিত হ’ব টেট পৰীক্ষা। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে এতিয়া ৰাজ্যৰ শিক্ষা বিভাগ তৎপৰ হৈ পৰিছে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ।

টেট পৰীক্ষাৰ নটিফিকেছন ওলোৱাৰ পিছতে টেট পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ বি.এড বা ডি এল এড ডিগ্ৰী বাধ্যতামূলক হ’ব নে নহয় সেই লৈ সৰব চৰ্চা চলি থকাৰ মাজতে ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ বি.এড বা ডি এল এড ডিগ্ৰী বাধ্যতামূলক নহয় বুলি উল্লেখ কৰিছিল। কিন্তু বিভাগৰ ফালৰ  পৰা ১৭ ছেপ্তেম্বৰত টেট পৰীক্ষা সন্দৰ্ভত অন্য এখন জাননী জাৰি কৰা হয়।



জাননীখনত টেটৰ অনলাইন আবেদন পূৰণ কৰোতে আৱেদনকাৰীয়ে বি.এড বা ডি এল এডৰ নামভৰ্তিৰ প্ৰ–পত্ৰ আপলোড কৰিব লাগিব বুলি উল্লেখ কৰে। শিক্ষা মন্ত্ৰীয়ে প্ৰকাশ কৰা ভাষ্যৰ বিপৰীতে বিভাগটোৱে জাৰি কৰা জাননীৰ ফলত এতিয়া হাহাকাৰ লাগিছে ৰাজ্যৰ লাখ লাখ নিৱনুৱাৰ মাজত। বিভিন্নজনে শিক্ষামন্ত্ৰীৰ দুমুখীয়া স্থিতিৰ বাবে এতিয়া তীব্ৰ সমালোচনা কৰিছে। ছচিয়েল মিডিয়াতো মন্ত্ৰী ভট্টাচাৰ্য ট্ৰ’লৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে।

সেইদৰে  বহু বি এড, ডি এল এড নথকা প্ৰাৰ্থাীয়ে শিক্ষামন্ত্ৰীৰ কথা মতে পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ইতিমধ্যে অনলাইন আবেদন কৰিছিল। কিন্তু বিভাগৰ নতুন নিৰ্দেশৰ পিছতে প্ৰ–পত্ৰ পূৰণৰ বাদত প্ৰাৰ্থীসকলে বহন কৰা মাছূল পানীত পৰাৰ উপক্ৰম হোৱা বুলি জনাইছে।

বহুতে উল্লেখ কৰিছে যে, চাকৰিৰ বাবে আবেদন কৰিবলৈ বি এড অথবা ডি এল এড বাধ্যামূলক কৰক কিন্তু টেট পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ বি.এড, ডি এল এড নথকা প্ৰাৰ্থীকো সুবিধা দিয়ক। শিক্ষাৰ্থী সকলৰ এই অনুৰোধক মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কিদৰে গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়!

লগতে পঢ়ক

নাৰিকল খোৱাৰ অপৰাধত তালিবানী শাস্তি তিনি কিশোৰক, কাটি দিয়া হয় চুলি, ঢালি দিয়ে এচিড
আৰু চাওক পৰৱৰ্তী বাতৰি