মুখ্যপৃষ্ঠা »খবৰ »অসম »গ্ৰেচ মাৰ্ক প্ৰাপ্ত সহস্ৰাধিক টেট শিক্ষকে চাকৰি হেৰুওৱাৰ উপক্ৰম! গ্ৰেচ মাৰ্ক ব্যৱস্থাক অবৈধ আখ্যা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, নৱ নিযুক্ত স্নাতক শিক্ষকৰ যোগদান স্থগিত

গ্ৰেচ মাৰ্ক প্ৰাপ্ত সহস্ৰাধিক টেট শিক্ষকে চাকৰি হেৰুওৱাৰ উপক্ৰম! গ্ৰেচ মাৰ্ক ব্যৱস্থাক অবৈধ আখ্যা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, নৱ নিযুক্ত স্নাতক শিক্ষকৰ যোগদান স্থগিত

টেট পৰীক্ষাত গ্ৰেচ মাৰ্ক লাভ কৰি উত্তীৰ্ণ হৈ চাকৰি লাভ কৰা প্ৰাৰ্থীৰ ভৱিষ্যত অন্ধকাৰৰ দিশে।

টেট পৰীক্ষাত গ্ৰেচ মাৰ্ক লাভ কৰি উত্তীৰ্ণ হৈ চাকৰি লাভ কৰা প্ৰাৰ্থীৰ ভৱিষ্যত অন্ধকাৰৰ দিশে।

টেট পৰীক্ষাত গ্ৰেচ মাৰ্ক লাভ কৰি উত্তীৰ্ণ হৈ চাকৰি লাভ কৰা প্ৰাৰ্থীৰ ভৱিষ্যত অন্ধকাৰৰ দিশে।

  • Share this:
টেট পৰীক্ষাত গ্ৰেচ মাৰ্ক লাভ কৰি উত্তীৰ্ণ হৈ চাকৰি লাভ কৰা প্ৰাৰ্থীৰ ভৱিষ্যত অন্ধকাৰৰ দিশে। উচ্চ ন্যালায়তে অবৈধ ঘোষণা কৰিলে গ্ৰেচ মাৰ্ক ব্যৱস্থাক।

ফলত এতিয়া অনিশ্চয়তাত গ্ৰেচ মাৰ্কপ্ৰাপ্ত টেট শিক্ষকৰ চাকৰি। ১,৩৮১ গৰাকী গ্ৰেচমাৰ্ক প্ৰাপ্ত প্ৰাৰ্থীৰ নাম বাতিল হোৱাৰ সম্ভাৱনা। ইফালে উচ্চ ন্যায়ালয়ৰ এই ৰায়দানৰ পিছতে নৱ নিযুক্ত স্নাতক শিক্ষকৰ যোগদান প্ৰক্ৰিয়াও স্থগিত ৰখা হৈছে।

আনহাতে টেটত গ্ৰেচমাৰ্ক লাভ কৰা বহুসংখ্যকে স্নাতক শিক্ষক হিচাপে কৰ্মৰত হৈ আছে। গতিকে উচ্চ ন্যায়ালয়ে গ্ৰেচমাৰ্ক ব্যৱস্থাক অবৈধ আখ্যা দিয়াৰ পিছতে কৰ্মৰত সহস্ৰাধিক স্নাতক শিক্ষকে এতিয়া চাকৰি হেৰুৱাব নেকি তাকে লৈ সৰ্বত্ৰ হাহাকাৰ সৃষ্টি হৈছে।

ইফালে  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ পিছতে নৱনিযুক্ত স্নাতক শিক্ষকৰ কাউন্সলিং যোগদান অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে। গ্ৰেছ মাৰ্কগ্ৰাপ্ত সহস্ৰাধিক টেট উত্তীৰ্ণই চাকৰি হেৰুৱাৰ সম্ভাৱনাই দেখা দিছে।১৪ মেত ২০২১ স্নাতক শিক্ষকক নিযুক্তি দিছিল চৰকাৰে।

শেহতীয়া বাতৰি