ৰাজ্যত দুবছৰৰ বাবে অনুষ্ঠিত কৰা নহয় নিম্ন প্ৰাথমিক আৰু মাধ্যমিকৰ টেট। হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ বাবে বাধ্যতামূলক নহয় টেট। এই ঘোষণা শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ।
আজি এক সংবাদমেলত ৰণোজ পেগুৱে কয়, টেট পাছ কৰা বহু প্ৰাৰ্থী আছে, তেওঁলোকে আৱেদন কৰাৰ সুবিধা দিয়া হ’ব। C TET উত্তীৰ্ণসকলেও কৰিব পাৰিব আৱেদন। পূৰ্বে শিক্ষা বিভাগে আবেদনৰ বাবে C TET উত্তীৰ্ণসকলক অনুমতি দিয়া নাছিল। সংবাদমেলত পেগুৱে কয়, বছৰেকীয়া পৰীক্ষাৰ পিছতে হ’ব বদলিকৰণ প্ৰক্ৰিয়া।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 11, 2023, 16:00 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।