কলিয়াবৰত দিন-দুপৰতে জনাঞ্চলত বিচৰণ বন্যহস্তীৰ এটা জাকৰ। গাঁৱৰ মাজত বন্যহস্তীৰ জাক দেখি আতংকই বিৰাজ কৰিছে কলিয়াবৰৰ কেইবাখনো গাঁৱত। কলঙৰ পাৰে পাৰে ঘূৰে পোৱালিসহ ৪-৫টা বন্যহস্তীৰ জাকটোৱে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত বিগত দুদিন ধৰি কলিয়াবৰৰ জনাঞ্চলত অৱস্থান কৰিছে এই বন্যহস্তীৰ জাকটোৱে। বৃহস্পতিবাৰে দিন দুপৰতে কলিয়াবৰৰ ধনেখোৱা, বৰভগীয়া, মিলন নগৰ, উলূৱনিত বন্যহস্তীৰ জাকটোৰ বিচৰণত আতংকিত হৈ পৰে গঞা।
উলূৱনিত স্কুটীত আৰোহীলৈ চোঁচা লয় এটা বন্যহস্তীয়ে। বন্যহস্তীয়ে ভাঙি ক্ষতি কৰে এজনৰ বাসগৃহৰো। বৃহস্পতিবাৰে পুৱাৰে পৰা বিয়লিলৈকে কলঙৰ পাৰে পাৰে বিচৰণ কৰি থাকে পোৱালিসহ চাৰি-পাঁচজনীয়া বন্যহস্তীৰ জাকটোৱে। উল্লেখ্য যে বিগত কিছুদিন ধৰি কলিয়াবৰৰ কেইবাখনো গাঁৱত বন্যহস্তীৰ জাক এটাৰ বিচৰণত সৃষ্টি হৈছে আতংকময় পৰিৱেশৰ (Wild Elephant in Kaliabor)।
বন্যহস্তীৰ জাকটোৱে কলিয়াবৰৰ ভিন্ন প্ৰান্তত বিচৰণ কৰাত আতংকিত হৈ পৰিছে কলিয়াবৰীয়া ৰাইজ। বুধবাৰে নিশা কলিয়াবৰৰ আক্ৰোহী চুকতো বিচৰণ কৰে বৃহৎ বন্যহস্তীৰ জাকে। কলিয়াবৰৰ পূবথৰীয়া¸মাধতাৰী¸ দুলাল-মাধৱ, বৰভকতি আদি গাঁৱত বিচৰণ কৰে পোৱালিসহ বন্যহস্তীৰ জাকটোৱে।
বুধবাৰে নিশাৰে পৰা কলিয়াবৰত বন বিভাগ আৰু আৰক্ষীয়ে মিলি বন্যহস্তীৰ জাক খেদিবলৈ চেষ্টা কৰিছিল যদিও বৃহস্পতিবাৰে পুৱা অন্য স্থানলৈ গতি কৰে বনৰীয়া হাতীৰ জাকটো। আজি পুৱা দুটা ভাগত বিভক্ত হৈ পৰে হাতীৰ জাকটো। দুটাকৈ হাতী ধনেখোৱাত অৱস্থান কৰাৰ বিপৰীতে চাৰি-পাঁচটাৰ আন এটা জাকে বৰভগীয়া, মিলন নগৰ, উলূৱনিৰ কলঙৰ পাৰে পাৰে বিচৰণ কৰে।
Published by: Gautam Barman
FIRST PUBLISHED : June 30, 2022, 22:49 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।