দক্ষিণ কামৰূপৰ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত শেলেসুতিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন বাইক আৰু চাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত এজন ৬০ বছৰৰ উৰ্ধৰ এজন চাইকেল আৰোহী থিতাতে নিহত হোৱাৰ লগতে আন দুজন লোক গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয় ৷ স্থানীয় ৰাইজে অতি তৎপৰতাৰে তিনিওকে ততাতৈয়াকৈ সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও পথালীপাৰাৰ আৰান আলী নামৰ বৃদ্ধলোকজনৰ ইতিমধ্যে মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 12, 2023, 09:49 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।