• Home
  • »
  • News
  • »
  • assam
  • »
  • শিৱসাগৰৰ হালোৱাটিঙত যোৱা নিশা ভয়ংকৰ অগ্নিকাণ্ড

শিৱসাগৰৰ হালোৱাটিঙত যোৱা নিশা ভয়ংকৰ অগ্নিকাণ্ড

হালোৱাটিং থানাৰ সমীপৰ নৱজ্যোতি গগৈ নামৰ ব্যৱসায়ী জনৰ এখন হোটেলত সংঘটিত হয় এই অগ্নিকাণ্ড।

হালোৱাটিং থানাৰ সমীপৰ নৱজ্যোতি গগৈ নামৰ ব্যৱসায়ী জনৰ এখন হোটেলত সংঘটিত হয় এই অগ্নিকাণ্ড।

হালোৱাটিং থানাৰ সমীপৰ নৱজ্যোতি গগৈ নামৰ ব্যৱসায়ী জনৰ এখন হোটেলত সংঘটিত হয় এই অগ্নিকাণ্ড।

  • Share this:
অসম-নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত যোৱা নিশা  ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। হালোৱাটিং থানাৰ সমীপৰ নৱজ্যোতি গগৈ নামৰ ব্যৱসায়ী জনৰ এখন হোটেলত সংঘটিত হয় এই অগ্নিকাণ্ড।

অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ পিছতেই এটা গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত মুহূৰ্ত্ততে হোটেলখন জুইৰ লেলিহান শিখাই আগুৰি ধৰে। ফলত ডেৰ লক্ষাধিক টকাৰ মূল্যৰ সা-সামগ্ৰীৰ লগতে সম্পূৰ্ণ হোটেলখন জাহ যায়।
ঘটনাৰ প্ৰকৃত কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও কোনোবা দুৰ্বৃত্তই ব্যৱসায়িক প্ৰতিষ্ঠানখনত জুই লগাই দিয়াৰ সন্দেহ হোটেলখনৰ  স্বত্বাধিকাৰী নৱজ্যোতি গগৈৰ। আনহাতে, স্থানীয় ৰাইজৰ সহযোগত আমগুৰি অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে নিৰ্বাপণ কৰে  জুই।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি