உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বিশিষ্ট সাহিত্যিক ৰঞ্জু হাজৰিকালৈ 'টীয়কপৰীয়া সাহিত্য বঁটা-২০২১'

    বিশিষ্ট সাহিত্যিক ৰঞ্জু হাজৰিকালৈ 'টীয়কপৰীয়া সাহিত্য বঁটা-২০২১'

    ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ  প্ৰকাশ হৈছে ৭৫০ খনৰো অধিক গ্ৰন্থ। মাত্ৰ ১৫ বছৰ বয়সতে উপন্যাস লিখিছিল বিশিষ্ট সাহিত্যিকগৰাকীয়ে।

    • Share this:
    ৰহস্য সম্ৰাটখ্যাত বিশিষ্ট সাহিত্যিক ৰঞ্জু হাজৰিকালৈ ২০২১ বৰ্ষৰ টীয়কপৰীয়া সাহিত্য বঁটা। শিকলি কাব্যালোচনীৰ উদ্যোগত আৰু মৃগনাভিৰ সহযোগত প্ৰয়াত চন্দ্ৰকান্ত হাজৰিকা আৰু পুতু হাজৰিকাৰ সোঁৱৰণত বিশিষ্ট সাহিত্যগৰাকীলৈ আগবঢ়োৱা হয় এই সন্মান।

    দেওবাৰে কলিয়াবৰৰ চুলুঙৰ গ্ৰীন আচিয়ানা ৰিজ'ৰ্টৰ সভাকক্ষত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা আগবঢ়োৱা হয় বিশিষ্ট সাহিত্যিকগৰাকীলৈ। ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাজনো গণ্য-মান্য ব্যক্তিৰ লগতে সাহিত্যিকগৰাকীৰ পৰিয়াল আৰু দাতা পৰিয়ালৰ ভালেসংখ্যক লোক অনুষ্ঠানত উপস্থিত থাকে।

    অসম সাহিত্য সভাৰ প্ৰতিনিধি পংকজ বৰুৱাৰ জৰিয়তে ৰহস্য সম্ৰাটখ্যাত বিশিষ্ট সাহিত্যিক ৰঞ্জু হাজৰিকাক অসম সাহিত্য সভাৰ সভাপতিৰ আসন অধিষ্ঠিত কৰাৰ লগতে সাহিত্য অকাডেমী বঁটা আৰু জ্ঞানপীঠ বঁটা প্ৰদানৰো দাবী জনাই উদ্যোক্তাৰ লগতে সভাত উপষ্ঠিত গণ্য-মান্য ব্যক্তিসকলে।

    ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ  প্ৰকাশ হৈছে ৭৫০ খনৰো অধিক গ্ৰন্থ। মাত্ৰ ১৫ বছৰ বয়সতে উপন্যাস লিখিছিল বিশিষ্ট সাহিত্যিকগৰাকীয়ে।

    ডিজিটেল মাধ্যমত ব্যাকৰণহীন সাহিত্যৰ পয়োভৰে প্ৰকাশিত গ্ৰন্থৰ পঢ়োৱৈৰ সংখ্য হ্ৰাস কৰিছে বুলি উদ্বেগ প্ৰকাশ কৰে বিশিষ্ট সাহিত্যিক ৰঞ্জু হাজৰিকাই।
    Published by:Sanjay Kumar Das
    First published: