চাহ বাগিচাৰ উন্মাদ শ্ৰমিকৰ নৃশংসতাৰ বলি চিকিৎসক, মৰিয়াই মৰিয়াই কৰিলে হত্যা

টীয়ক চাহ বাগিচাৰ মাজ লাইনৰ সম্ৰা মাঝি নামৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি বিয়লিৰ ভাগত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ

News18-Assam
Updated:September 1, 2019, 10:09 AM IST
চাহ বাগিচাৰ উন্মাদ শ্ৰমিকৰ নৃশংসতাৰ বলি চিকিৎসক, মৰিয়াই মৰিয়াই কৰিলে হত্যা
টীয়ক চাহ বাগিচাৰ মাজ লাইনৰ সম্ৰা মাঝি নামৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি বিয়লিৰ ভাগত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ
News18-Assam
Updated: September 1, 2019, 10:09 AM IST
পুনৰ চাহ বাগিচা চিকিৎসালয়ত ভয়ংকৰ ঘটনা। শ্ৰমিকৰ আক্ৰমণত মৃত্যুক সাৱটিলে চিকিৎসকে। ঘটনাটো সংঘটিত হৈছে যোৰহাটৰ টীয়ক চাহ বাগিচাত। টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত টীয়ক চাহ বাগিচাৰ মাজ লাইনৰ সম্ৰা মাঝি নামৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি বিয়লিৰ ভাগত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। শ্ৰমিকে কৰা অভিযোগ অনুসৰি সম্ৰা মাঝি নামৰ ২৬ বছৰীয়া যুলকজনে ভৰিত আঘাট পোৱাত লৈ আহিছিল টীয়ক চাহ বাগিচাৰ চিকিৎসায়লৈ। কিন্তু চিকিৎসালয়খনত নাছিল চিকিৎসক, নাৰ্ছ। বহু পলমকৈ চিকিৎসক দেৱেন দত্তই এটা বেজি দিয়াৰ পাছতেই মৃত্যু হয় যুৱকজনৰ। তাৰ পিছতই পৰিস্থিতি ভয়ংকৰ হৈ পৰে।

বাগিচা খনৰ শশ শ্ৰমিক ওলাই আহি চিকিৎসালয়খন ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে আক্ৰমণ কৰে চিকিৎসক দেৱেন দত্তৰ লগতে কেইবাজনো কৰ্মচাৰীক। চিকিৎসালয়ৰ খিৰিকীৰ গ্লাছ ভাঙি চিচাৰ টুকুৰাৰে আক্ৰমণ কৰে চিকিৎসকগৰাকী। ফলত অত্যন্ত ৰক্তক্ষৰণ হয় দুৰ্ভগীয়া চিকিৎসকজনৰ। ইমানতো ক্ষ্যন্ত নাথাকি চিকিৎসক গৰাকীক চিকিৎসালয়লৈ নিবলৈ ১০৮ উপস্থিত হয় যদিও, ক্ষুব্ধ শ্ৰমিকে উভোতাই পঠিয়াই এম্বুলেঞ্চ। বহু সময় ধৰি চিকিৎসালয়তেই পৰি ৰয় চিকিৎসকগৰাকী।

পৰিস্থিতি নিয়ণ্ত্ৰণ বাহিৰ হৈ পৰাত ঘটনাস্থলীত অৰ্ধ সামৰিক বাহিনী মোতায়েম কৰি আৰক্ষীৰ গাড়ীতে যুৱকজনৰ মৃতদেহ সহিতে চিকিৎসগৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় যদিও অৱশেষত মৃত্যু হয় চিকিৎসকগৰাকীৰ। টীয়ক ৰাজহ চক্ৰ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ টীয়ক আৰক্ষীৰ সহযোগত পৰিস্থিতি কিছু নিয়ন্তনলৈ আনিছে সম্প্ৰতি। কিন্তু এই ঘটনাক লৈ তীব্র উত্তেজনাই বিৰাজ কৰিছে বাগিচাখনৰ লগতে সমগ্ৰ টীয়কত। শ্ৰমিকৰ আক্ৰমণত মৃত্যুক সাৱটি লোৱা চিকিৎসকগৰাকীৰ ঘৰ টীয়কৰ জগদুৱাৰত।

 
আৰু চাওক পৰৱৰ্তী বাতৰি