টীয়ক চাহ বাগিচাত চিকিৎসকক হত্যা, ২১ চাহ শ্ৰমিকক গ্ৰেপ্তাৰ

বিনা বেতনে চিকিৎসকজনে আগবঢ়াইছিল চিকিৎসা সেৱা

News18-Assam
Updated:September 1, 2019, 6:16 PM IST
টীয়ক চাহ বাগিচাত চিকিৎসকক হত্যা, ২১ চাহ শ্ৰমিকক গ্ৰেপ্তাৰ
বিনা বেতনে চিকিৎসকজনে আগবঢ়াইছিল চিকিৎসা সেৱা
News18-Assam
Updated: September 1, 2019, 6:16 PM IST
চাহ বাগিচাৰ উন্মাদ শ্ৰমিকৰ নৃশংসতাৰ বলি চিকিৎসক, মৰিয়াই মৰিয়াই হত্যা কৰিলে চিকিৎসক ডা০ দেৱেন দত্তক।

ঘটনাটো সংঘটিত হৈছে যোৰহাটৰ টীয়ক চাহ বাগিচাত। টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত টীয়ক চাহ বাগিচাৰ মাজ লাইনৰ সম্ৰা মাঝি নামৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি বিয়লিৰ ভাগত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। শ্ৰমিকে কৰা অভিযোগ অনুসৰি সম্ৰা মাঝি নামৰ ২৬ বছৰীয়া যুলকজনে ভৰিত আঘাট পোৱাত লৈ আহিছিল টীয়ক চাহ বাগিচাৰ চিকিৎসায়লৈ। কিন্তু চিকিৎসালয়খনত নাছিল চিকিৎসক, নাৰ্ছ। বহু পলমকৈ চিকিৎসক দেৱেন দত্তই এটা বেজি দিয়াৰ পাছতেই মৃত্যু হয় যুৱকজনৰ। তাৰ পিছতই পৰিস্থিতি ভয়ংকৰ হৈ পৰে।

বাগিচা খনৰ শশ শ্ৰমিক ওলাই আহি চিকিৎসালয়খন ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে আক্ৰমণ কৰে চিকিৎসক দেৱেন দত্তৰ লগতে কেইবাজনো কৰ্মচাৰীক। চিকিৎসালয়ৰ খিৰিকীৰ গ্লাছ ভাঙি চিচাৰ টুকুৰাৰে আক্ৰমণ কৰে চিকিৎসকগৰাকী। ফলত অত্যন্ত ৰক্তক্ষৰণ হয় দুৰ্ভগীয়া চিকিৎসকজনৰ। পিছত যদিও চিকিৎসালয়লৈ নিয়া হয়,তথাপিও মৃত্যুক আকোৱালি লয় চিকিৎসকগৰাকীয়ে।

পিছত সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি গ্ৰেপ্তাৰ কৰে ৰিংকু মাঝি,
সুৰেশ ৰাজোৱাৰ,সঞ্জীৱ ৰাজোৱাৰ, বাবলু ৰাজোৱাৰ, সঞ্জু মাঝি, সোণটো মাঝি
ৰামু গোৱালা, মুকুল ৰাজোৱাৰ, মিলন ৰাজোৱাৰ, বিজয় ৰাজোৱাৰ, সঞ্জয় মাঝি, দেৱেশ্বৰ ৰাজোৱাৰ, দীপক ৰাজোৱাৰ, অনিল মাঝি, সুনীল মাঝি, শিৱ মাহিলী, হৰি মাঝি, টিংকু মাঝি, উপেন্দ্ৰ ভূমিজক।
আৰু চাওক পৰৱৰ্তী বাতৰি