কোৰোণা মহামাৰীৰ কথা প্ৰচাৰ হোৱাৰ লগে লগেই বুলবুলক গাঁওবোৰত সোমাবলৈ নিদিয়া হ'ল।
কোৰোণা মহামাৰীৰ কথা প্ৰচাৰ হোৱাৰ লগে লগেই বুলবুলক গাঁওবোৰত সোমাবলৈ নিদিয়া হ'ল।
কোৰোনাৰ বিভীষিকা ৰুধিবৰ বাবে চৰকাৰে হাতত লোৱা লকডাউন ব্যৱস্থাই ঘোৰ অমানিশা নমাই আনিছে বহু পৰিয়াললৈ। বিশেষকৈ দিন-হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া বহু লোকই সম্প্ৰতি চৰম হতাশাত ভুগিছে। টীয়কৰ মাহাৰা মুছলিম গাঁৱৰ বুলবুল আলী নামৰ বিশেষভাৱে সক্ষম যুৱকজনে গাঁৱে গাঁৱে কাপোৰ বিক্ৰী কৰি নিজ পৰিয়াল পোহপাল দি অহাৰ লগতে দীৰ্ঘদিনে ৰুগীয়া পিতৃৰ যতন লৈ আহিছিল।
কিন্তু এতিয়া বুলবুলে চৌদিশে মাথোঁ অন্ধকাৰ দেখিছে। কোৰোণা মহামাৰীৰ কথা প্ৰচাৰ হোৱাৰ লগে লগেই বুলবুলক গাঁওবোৰত সোমাবলৈ নিদিয়া হ'ল। কাৰণ জন্মলগ্নৰেপৰাই বুলবুলৰ গাৰ বৰণ বগা আছিল। সেই লৈ বিশেষভাৱে সক্ষম যুৱকজনক বিদেশী পৰ্যটক বুলি ভাৱি কোৰোণা ভাইৰাছ কঢ়িয়াই অনাৰ আশংকাত গাঁওসমূহত সোমাব নিদিয়া হ'ল। বন্ধ হৈ পৰিল ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ পথ।
লকডাউনৰ প্ৰথম সময়ছোৱাত দুই এজনে খাদ্য সামগ্ৰী অথবা দুপইচা দি সহায় কৰিছিল যদিও এতিয়া সেয়াও পাবলৈ নাই। NEWS18ৰ কেমেৰাৰ সন্মুখত বুলবুলে হাতযোৰ কৰি ক'লে – "মই গাঁৱে গাঁৱে কাপোৰ বিক্ৰী কৰি মোৰ পৰিয়ালটো চলাই আছিলো। কিন্তু কোৰোণা ভাইৰাছৰ কথা ওলোৱাৰে পৰা মোক গাৰ ৰংটোৰ বাবেই গাঁওবোৰত সোমাবলৈ নিদিয়ে। জীয়াই থকাৰ সাহসকণো হেৰাই গৈছে। পাৰিলে চৰকাৰে অকণমান সহায় কৰক।"
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|