உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • আপোনাৰ একান্ত বিশ্বাসীজনো হ'ব পাৰে চূড়ান্ত প্ৰতাৰক, গাখীৰ খুৱাই সাপ পুহি ৰাখিছিল টীয়কৰ এইজন লোকে, চাওক কি ঘটিল

    আপোনাৰ একান্ত বিশ্বাসীজনো হ'ব পাৰে চূড়ান্ত প্ৰতাৰক, গাখীৰ খুৱাই সাপ পুহি ৰাখিছিল টীয়কৰ এইজন লোকে, চাওক কি ঘটিল

    গৌৰীনাথ ভট্টাচাৰ্যৰ অগাধ বিশ্বাসক কুঠাৰাঘাত কৰিলে তোলনীয়া সুৰেশে। ভোগবাদী সমাজৰ ঢৌত উটি যোৱা সুৰেশৰ লোলুপ দৃষ্টি পৰিল ভট্টাচাৰ্যৰ ধনৰ বাকচত।

    গৌৰীনাথ ভট্টাচাৰ্যৰ অগাধ বিশ্বাসক কুঠাৰাঘাত কৰিলে তোলনীয়া সুৰেশে। ভোগবাদী সমাজৰ ঢৌত উটি যোৱা সুৰেশৰ লোলুপ দৃষ্টি পৰিল ভট্টাচাৰ্যৰ ধনৰ বাকচত।

    গৌৰীনাথ ভট্টাচাৰ্যৰ অগাধ বিশ্বাসক কুঠাৰাঘাত কৰিলে তোলনীয়া সুৰেশে। ভোগবাদী সমাজৰ ঢৌত উটি যোৱা সুৰেশৰ লোলুপ দৃষ্টি পৰিল ভট্টাচাৰ্যৰ ধনৰ বাকচত।

    • Share this:
    ‘‘কাকো বিশ্বাসত নল’ব। আপুনিও যদিও মোৰ দৰে কাৰোবাক বিশ্বাসত লয়, হয়তো মোৰ দৰে কান্দিবলগীয়া হ'ব পাৰে। মই গাখীৰ খুৱাই সাপ পুহিছিলো।’’ - এই ভাষ্য এগৰাকী অৱসৰপ্ৰাপ্ত ব্যক্তিৰ।

    ঘটনাটো এনেধৰণৰ, টীয়ক হাঁহচৰাৰ গৌৰীনাথ ভট্টাচাৰ্য নামৰ এগৰাকী ব্যক্তিয়ে চাকৰিসূত্ৰে বাহিৰত থাকিবলগীয়া হোৱাত তেওঁৰ সহধৰ্মিনীৰ সহায়ক হোৱাকৈ ফুলকুমলীয়া বয়সতে নুমলীগড়ৰ সুৰেশ তাঁতী নামৰ এটি ল'ৰা পিতৃ-মাতৃৰ অনুমতি সাপেক্ষে তুলি লৈছিল। নিজ সন্তানৰ দৰেই মৰম আদৰ কৰিছিল ল’ৰাটোক। স্কুলত নাম লগাই দিছিল। তাৰ প্ৰতিটো আবদাৰ পুনৰ কৰি গৈছিল ভট্টাচাৰ্য দম্পতীয়ে। ৮ বছৰ বয়সতে মাক দেউতাকক এৰি অহা সুৰেশে ভট্টাচাৰ্য দম্পতীক নিজৰ পিতৃ-মাতৃৰ দৰেই লৈছিল।

    এইখিনিলৈকে ঠিকেই আছিল। সি আজি ১৮ বছৰীয়া হ’ল। চকুৰ আগতে সুৰেশ কলেজীয়া ছাত্ৰ হ'লহি। কিন্তু দুৰ্ভাগ্যবশতঃ আজি ৫ বছৰৰ পুৰ্বে  গৌৰী ভট্টাচাৰ্যৰ শিক্ষয়িত্ৰী পত্নীয়ে  ইহ সংসাৰ ত্যাগ কৰে।

    পত্নীৰ অনুপস্থিতিত গৌৰি ভট্টাচাৰ্যই সুৰেশক নুমলীগড়ৰ পিতৃ-মাতৃৰ হাতত গতাই দিবলৈ লৈ গৈছিল। কিন্তু পৰিয়ালটোৰ অকৃত্ৰিম মৰমৰ আহ্বানত সি পিতৃ-মাতৃৰ লগত নাথাকি পুনৰ গুচি আহে ভট্টাচাৰ্যৰ ঘৰলৈ।

    নুমলীগড় ৰিফাইনেৰীৰ অৱসৰপ্ৰাপ্ত বিষয়া গৌৰীনাথ ভট্টাচাৰ্যই পত্নীৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ স্বাৰ্থত তথা অঞ্চলটোৰ শিক্ষাৰ্থী সমাজৰ সুবিধা হোৱাকৈ পত্নীৰ নামকৰণেৰে "মিনু দেৱী মেম'ৰিয়েল " নামেৰে কনিষ্ঠ মহাবিদ্যালয় স্থাপন কৰি চোৱাচিতা কৰাৰ সমস্ত দায়িত্ব অৰ্পণ কৰে সুৰেশক।

    কিন্তু গৌৰীনাথ ভট্টাচাৰ্যৰ অগাধ বিশ্বাসক কুঠাৰাঘাত কৰিলে তোলনীয়া সুৰেশে। ভোগবাদী সমাজৰ ঢৌত উটি যোৱা সুৰেশৰ লোলুপ দৃষ্টি পৰিল ভট্টাচাৰ্যৰ ধনৰ বাকচত।

    যোৱা ২৫ অক্টোবৰত নিজ সন্তানৰ দৰে জ্ঞান কৰা সুৰেশে নগদ ৮ লাখ টকা, কেইবালাখ টকা মূল্যৰ সোণৰ আ-অলংকাৰৰ লগতে এখন মটৰ চাইকেল লৈ পলায়ন কৰে।

    ঘটনা সন্দৰ্ভত গৌৰীনাথ ভট্টাচাৰ্যই টীয়ক আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত ক্ষীপ্ৰতাৰে তদন্ত চলাই মটৰ চাইকেল সহিতে সুৰেশক এজন সমনীয়াৰ সৈতে গ্ৰেপ্তাৰ কৰে। ইতিমধ্যে অধিক লোভেই কাল হৈ পৰা সুৰেশে চুৰিকাণ্ড সংঘটিত কৰাৰ কথা আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে।

    এই ঘটনাই মৰ্মাহত কৰি তোলা মানৱদৰদী অৱসৰপ্ৰাপ্ত ব্যক্তিজনে কলে এনেদৰে - "এনে ঘটনা যাতে আন কাৰোৰে লগত সংঘটিত নহয়, সেই লৈ সাৱধান হওক। আজিৰ সমাজত অধিক বিশ্বাসত কাকো নল’ব। নিজৰ বুলি ভৱাজনেই সময়ত হৈ পৰিব পাৰে চৰম প্ৰতাৰক।"
    Published by:Sanjay Kumar Das
    First published: