দীৰ্ঘদিন যকৃতজনীত ৰোগত আক্ৰান্ত হৈ যোৰহাটস্থিত খ্ৰীষ্টান মিছন হাস্পতালত চিকিৎসাধীন হৈ আছিল জনপ্ৰিয় সাংবাদিকগৰাকী।
দীৰ্ঘদিন যকৃতজনীত ৰোগত আক্ৰান্ত হৈ যোৰহাটস্থিত খ্ৰীষ্টান মিছন হাস্পতালত চিকিৎসাধীন হৈ আছিল জনপ্ৰিয় সাংবাদিকগৰাকী।
অসংখ্য গুণমুগ্ধক কন্দুৱাই অৱশেষত চিৰদিনৰ বাবে আঁতৰি গ’ল সাংবাদিক মৃদুল বৰুৱা। দীৰ্ঘদিন যকৃতজনীত ৰোগত আক্ৰান্ত হৈ যোৰহাটস্থিত মিছন হাস্পতালত চিকিৎসাধীন হৈ আছিল জনপ্ৰিয় সাংবাদিকগৰাকী। মৃত্যুৰ সময়ত তেওঁৰ পিতৃ-মাতৃ, পত্নী আৰু নৱম শ্ৰেণীত অধ্যনৰত একমাত্ৰ কন্যাক ইহ সংসাৰত এৰি থৈ যায়।
মাথোঁ ৪১ বছৰতে নিয়তিৰ ওচৰত হাৰ মানি পৰলোকলৈ গতি কৰা নিউজ লাইভৰ টীয়কৰ সাংবাদিক মৃদুল বৰুৱাৰ মৃত্যুৰ খবৰ বিয়পি পৰা লগে লগে নিশাৰ ভাগতেই অগণন গুণমুগ্ধই ভিৰ কৰে প্ৰয়াত সাংবাদিকগৰাকীৰ বাসগৃহত। সৎ আৰু নিৰ্ভীক সাংবাদিক ৰূপে পৰিচিত মৃদুল বৰুৱাৰ নশ্বৰ দেহত পুৱাৰ ভাগত শেষ শ্ৰদ্ধাঞ্জলি জনায় বিভিন্ন দল সংগঠন , অনুষ্ঠান তথা ব্যক্তিবিশেষে।
উল্লেখ্য যে, টীয়কৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত আছিল মৃদুল বৰুৱা । অসমৰ এগৰাকী জনপ্ৰিয় গীটাৰিষ্ট হিচাপেও পৰিচিত আছিল বৰুৱা। অসমৰ জনপ্ৰিয় শিল্পী মহেন্দ্ৰ হাজৰিকাৰ লগত দীৰ্ঘদিন ধৰি গীটাৰ সংগত কৰিছিল সাংবাদিক মৃদুল বৰুৱাই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|