মুখ্যপৃষ্ঠা »খবৰ »অসম »ম্যানমাৰৰ পৰা আমদানিকৃত মাছক লৈ নগাঁৱৰ বৰবজাৰত উত্তপ্ত পৰিস্থিতি, আব্দুল মালেক ওৰফে মালুৰ বিৰুদ্ধে অভিযোগ ৰাইজৰ

ম্যানমাৰৰ পৰা আমদানিকৃত মাছক লৈ নগাঁৱৰ বৰবজাৰত উত্তপ্ত পৰিস্থিতি, আব্দুল মালেক ওৰফে মালুৰ বিৰুদ্ধে অভিযোগ ৰাইজৰ

থলুৱা মাছৰ নামত গ্ৰাহকক বিক্ৰী বাৰ্মিজ চালানী মাছ

থলুৱা মাছৰ নামত গ্ৰাহকক বিক্ৰী বাৰ্মিজ চালানী মাছ

  • Share this:
উৰুকাৰ পুৱাই নগাওঁ বৰবজাৰত বাৰ্মিজ মাছক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। থলুৱা মাছৰ নামত ম্যানমাৰৰ পৰা আমদানি কৰা ৰৌ-ভকুৱা বিক্ৰী কৰা আব্দুল মালেক ওৰফে মালুৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে বৰবজাৰত মাছ ক্ৰয় কৰিবলৈ অহা বহু লোক। জানিব পৰা মতে, আব্দুল মালেক ওৰফে মালুৰ বিৰুদ্ধে বাৰ্মিজ মাছৰ চিণ্ডিকেট চলোৱাৰ অভিযোগ উত্থাপন হয়। পুৱাই নৈ-বিলৰ ৰৌ-ভকুৱা বিচাৰি ভিৰ কৰা গ্ৰাহকক একাংশ বেপাৰীয়ে বাৰ্মিজ ভকুৱা মাছ থলুৱা মাছৰ নামত বিক্ৰী কৰাৰ কথা পোহৰলৈ অহাৰ পিছতে বজাৰখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। খঙতে বহু লোকে মাছ ক্ৰয় নকৰাকৈয়ে উভতি যোৱাৰ লগতে বৰবজাৰৰ ৰাইজক ৰামঠগন দি থলুৱা মাছৰ নামত বাৰ্মিজ মাছ বিক্ৰী কৰা পাইকাৰী বিক্ৰেতা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰো দাবী কৰে জিলা প্ৰশাসনক। উল্লেখযোগ্য যে, মধ্য অসমৰ এগৰাকী মন্ত্ৰীৰ নাম লৈ একাংশ অসাধু ব্যৱসায়ীয়ে দীৰ্ঘদিনে বাৰ্মিজ মাছৰ চিণ্ডিকেট চলোৱাৰো অভিযোগ উত্থাপন হৈছে।

শেহতীয়া বাতৰি