• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam-Nagaland Border Dispute : পুনৰ উত্তেজনা মৰিয়নি সীমান্তত, দিচৈভেলীত আৰক্ষী বাহিনী প্ৰত্যাহাৰৰ পিছতে নগাই আঁৰিলে ফলক  

Assam-Nagaland Border Dispute : পুনৰ উত্তেজনা মৰিয়নি সীমান্তত, দিচৈভেলীত আৰক্ষী বাহিনী প্ৰত্যাহাৰৰ পিছতে নগাই আঁৰিলে ফলক  

নগা আও ষ্টুডেণ্ট কনফাৰেন্স নামৰ এটা সংস্থাই দিচৈভেলীক নাগালেণ্ডৰ সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰি আঁৰিলে ফলক।

নগা আও ষ্টুডেণ্ট কনফাৰেন্স নামৰ এটা সংস্থাই দিচৈভেলীক নাগালেণ্ডৰ সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰি আঁৰিলে ফলক।

নগা আও ষ্টুডেণ্ট কনফাৰেন্স নামৰ এটা সংস্থাই দিচৈভেলীক নাগালেণ্ডৰ সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰি আঁৰিলে ফলক।

  • Share this:
নগাৰ আগ্ৰাসনক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত হৈ পৰিছে মৰিয়নি (Mariani)ৰ সীমান্ত। নগাৰ আগ্ৰাসনক কেন্দ্ৰ কৰি উতপ্ত হৈ থকা দিচৈভেলী সংৰক্ষিত বনাঞ্চলখন (Dichoi Valley reserve Forest)ক নাগালেণ্ডৰ বুলি দাবী কৰি এইবাৰ নগাই মাৰিলে নামফলক। নগা আও ষ্টুডেণ্ট কনফাৰেন্স (Ao Students Conference) নামৰ এটা সংস্থাই দিচৈভেলীক নাগালেণ্ডৰ সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰি আঁৰিলে ফলক।

নিউ সোনোৱাল খণ্ড বন বিষয়াৰ কাৰ্যলয়ৰ সমীপৰ এটা অবৈধ বালি মহলৰ কাষতে থকা বন বিভাগৰ এখন নাৰ্চাৰীৰ বিপৰীত দিশত নগাই বৃহস্পতিবাৰে ফলকখন এজোপা গছত লগাই থৈ যায়। দিচৈভেলীৰ ভিন্ন স্থানত ৬খনকৈ ফলক আঁৰি দিচৈভেলীত নাগালেণ্ডে বেদখল কৰিবলৈ অপচেষ্টা কৰা বুলি জানিব পৰা গৈছে।

অসম নাগালেণ্ডৰ শান্তি চুক্তি (Assam-Nagaland Peace Agreement)ৰ পিছতে দুয়ো ৰাজ্যই দিচৈভেলীৰ পৰা আৰক্ষী বাহিনী প্ৰত্যাহাৰৰ পিছতে নগাই শান্তি চুক্তি উলংঘা কৰা কাৰ্যই সীমান্তত চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে দিচৈভেলীত ইতিমধ্যে নাগালেণ্ডে প্ৰায় ৩ হেক্টৰ ভূমি নিজৰ দখললৈ নি স্থায়ী ঘৰ দুৱাৰ নিৰ্মাণ কৰি গজগজীয়া হৈ বহিছে বুলি অসমৰ লোকে অভিযোগ কৰি আহিছে।

শেহতীয়া শান্তি চুক্তিৰ পাছত অসম চৰকাৰে দিচৈভেলীৰ পৰা আৰক্ষী বাহিনী প্ৰত্যাহাৰ কৰিলে যদিও নগাৰ বেদখল উচ্ছেদ কৰা নহ'ল। অসম নগালেণ্ডৰ বুজা-বুজি চুক্তি অনুসৰি সীমান্তত দুয়োখন ৰাজ্যৰ যৌথ তহল (Joint Patrolling of ssam and Nagaland Police)ৰ লগতে ড্ৰোণ কেমেৰাৰে সীমান্ত পৰ্যবেক্ষণ কৰা কথা উল্লেখ আছিল। কিন্তু অসমৰ আৰক্ষী বাহিনী দিচৈ ভেলীৰ পৰা প্ৰত্যাহাৰ হোৱা মাত্ৰকে অসমৰ ভূমিত নগাৰ ব্যাপক আগ্ৰাসন আৰম্ভ হোৱাৰ অভিযোগ উত্থাপন হৈছে।

আনহাতে যিকোনো সময়তে সীমান্তবাসী অসমীয়া নগা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱাৰ আশংকাত দিন কটাব লগীয়া এক পৰিস্থিতি সৃষ্টি হৈছে।

ইফালে যোৱা ২৭ মে'ত নগাৰ বেদখল প্ৰত্যক্ষ কৰিবলৈ যাওতে মৰিয়নিৰ তেতিয়াৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী (Rupjyoti Kurmi)ক নগাৰ গুলীবৰ্ষণৰ সন্মুখীন হব লগা হৈছিল। এই ঘটনাৰ পিছতে নগাৰ বেদখল উচ্ছেদৰ বাবে অনশনত বহিছিল ৰূপজ্যোতি কুৰ্মী। কিন্ত ইয়াৰ পিছতে গেৰুৱা বসন পিন্ধাৰ লগে লগে সীমা সমস্যাক লৈ নিতাল মৰাৰ অভিযোগ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে। দিচৈভেলীত নগাৰ বেদখল সন্দৰ্ভত সৰৱ হৈ অহা মৰিয়নিৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মী এতিয়া কলৈ গ'ল বুলি সীমান্তবাসীয়ে প্ৰশ্ন উত্থাপন কৰিছে।
Published by:Manjumoni Borah
First published: