হাইলাকান্দিত অসম আৰক্ষীৰ সমৰসজ্জা। মিজোৰামক ৰুধিবলৈ সম্পূৰ্ণ সামৰিক সজ্জাত প্ৰস্তুত অসম আৰক্ষী। হাইলাকান্দি জিলাৰ আন্তঃৰাজ্য সীমান্তত ক্ৰমাগতভাৱে মিজোৰামৰ আগ্ৰাসন বৃদ্ধি হোৱাৰ বাবে এতিয়া অসম আৰক্ষীয়েও ধাৰণ কৰিছে সম্পূৰ্ণ সামৰিক ৰূপ। আজি পুৱাৰে পৰা দক্ষিণ হাইলাকান্দিৰ সীমান্ত এলেকাত এনেকুৱা ৰণংদেহী ৰূপত দেখিবলৈ পোৱা গ'ল অসম আৰক্ষীক।
ইপিনে, অসম–মিজোৰাম আন্তঃৰাজ্য সীমান্তত আজিও অব্যাহত আছে উত্তেজনা। বিগত ১০ দিন ধৰি প্ৰতিনিয়ত হাইলাকান্দি জিলাৰ বিভিন্ন প্ৰান্তত অসমৰ ভূমি বেদখলৰ চেষ্টা চলাইছে মিজো দুৰ্বৃত্তই। আজি আকৌ হাইলাকান্দি জিলাৰ সীমান্তৱৰ্তী কচুৰথল এলেকাত বেদখলৰ চেষ্টা চলায় মিজোৰামে ।
ইনাৰ লাইন ৰিজাৰ্ভ ফৰেষ্ট ( Inner line reserve forest ) এলেকাত থকা কচুৰথলত এটা কালভাৰ্ট ( Culvert ) নিৰ্মাণৰ চেষ্টা চলায় মিজোৰামৰ লোকে । ঘটনাৰ খবৰ পাই সীমান্ত এলেকাত মোতায়েন কৰা হয় অসম আৰক্ষীৰ বিশাল বাহিনী। ৰাতিপুৱাৰ পৰাই বুলেটপ্ৰুফ আৰ্মড গাড়ী ( bulletproof armed vehicle ) সহ সীমান্ত এলেকাত কাড়া নিৰাপত্তা বেষ্টনি গঢ়ি তোলে অসম আৰক্ষীয়ে।
আনহাতে, সীমান্ত সমস্যা সমাধানত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ তীব্ৰ সমালোচনা কৰে কাটলিছেড়া সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰে। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়াই কয়, ৬ গৰাকী আৰক্ষী জোৱান নিহত হোৱাৰ পিছতো যদি চৰকাৰে এতিয়ালৈকে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰে, তেন্তে আগন্তুক দিনত আকৌ ৰক্তক্ষয় হোৱাৰ আশংকা ব্যক্ত কৰে বিধায়কগৰাকীয়ে।
লগতে চৰকাৰে পদক্ষেপ গ্ৰহণ নকৰাৰ ফলতে ধৈৰ্যহাৰা হৈ সীমান্তৰ গঞাই হাতত অস্ত্ৰ উঠাই লোৱাৰও আশংকা ব্যক্ত কৰে বিধায়ক সুজাম উদ্দিন লস্কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|