বুধবাৰে নিশা ৰহা টোলগেটত সৃষ্টি হয় উত্তেজনাময় পৰিৱেশৰ। টোলটেক্স প্ৰদানক লৈ সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, নগাঁও অভিমুখে নিজ বাহন লৈ গৈ থকা তিনি যুৱকৰ ফাষ্টটেগত বেলেঞ্চ নথকাৰ বাবে টোলগেট কৰ্তৃপক্ষই টোলগেট পাৰ হ'বলৈ নিদিয়াত যুৱক তিনিজনে টোলগেটত থকা কৰ্মচাৰীক অশ্লীল গালি-গালাজ পৰাৰ লগতে মাৰপিট কৰে।
যুৱক তিনিজন সুৰামত্ত হৈ আছিল বুলি টোলগেট কৰ্তৃপক্ষই জানিবলৈ দিছে। পৰৱৰ্তী সময়ত টোলগেট কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজৰ তৎপৰতাত যুৱককেইজনক উক্ত স্থানৰ পৰা পঠিয়াই দিয়া হয়।
উক্ত ঘটনাটোত টোলগেটৰ দুজনকৈ কৰ্মচাৰী আহত হৈছে বুলি টোলগেটৰ কৰ্তৃপক্ষই জানিবলৈ দিছে। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে নিশা টোলগেটত সংঘটিত হোৱা উত্তেজনামূলক পৰিৱেশৰ সমগ্ৰ দৃশ্য।
Published by: Gautam Barman
FIRST PUBLISHED : November 16, 2022, 22:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।