ৰহাৰ টোলগেট (Raha Tollgate)ত শনিবাৰে বিয়লি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP)ৰ নগাঁও জিলা সমিতিৰ এটা সজাতি দল গুৱাহাটীলৈ যোৱাৰ পথত ৰহা টোলগেটৰ কৰ্মচাৰীৰ লগত টোলটেক্স দিয়াক লৈ তৰ্ক-বিৰ্তকত লিপ্ত হয়। টোলগেটৰ কৰ্মচাৰীয়ে জাতীয় সংগঠনটোৰ দুজনমান সদস্যক ঠেলা-গতা কৰাৰ লগতে আক্ৰমণ কৰিবলৈ উদ্যত হয়। ইয়াকে লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰে।
অসম যুৱ ছাত্র পৰিষদৰ সদস্য সকলে টোলগেটৰ কৰ্মচাৰীয়ে মদ্যপান কৰি তেওঁলোকক অপমান কৰাৰ অভিযোগ কৰিছে। পৰবৰ্তী সময়ত পৰিবেশ শাম কাটে যদিও উক্ত ঘটনা সন্দৰ্ভত যুৱ ছাত্ৰ পৰিষদে আৰক্ষীক অৱগত কৰিব বুলি উল্লেখ কৰে লগতে শীঘ্ৰে উক্ত ঘটনা সন্দৰ্ভত টোলগেটৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিব বুলিও মন্তব্য কৰে।
ৰহা টোলগেটৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ হুংকাৰ দিয়ে যুৱ ছাত্ৰ পৰিষদে ৷ ধ্ৰুৱ ডেকা নামৰ মেনেজাৰ জনে মাৰপিট কৰাৰ অভিযোগ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ। ঘটনাক লৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সদস্য সকলে টোলগেটতে প্ৰতিবাদো সাব্যস্ত কৰে।
Published by: Manjumoni Borah
FIRST PUBLISHED : March 26, 2022, 19:58 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|