মুখ্যপৃষ্ঠা » খবৰ

» অসম

»লংকা পৌৰসভা কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি, পথ নিৰ্মাণৰ নিবিদা দাখিলক লৈ বিজেপি কৰ্মীৰ মাজতে হতা-হতি।

লংকা পৌৰসভা কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি, পথ নিৰ্মাণৰ নিবিদা দাখিলক লৈ বিজেপি কৰ্মীৰ মাজতে হতা-হতি।

News18 Assam | News18-Assam
Updated:July 9, 2021, 8:09 PM IST
লংকা পৌৰসভা কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি, পথ নিৰ্মাণৰ নিবিদা দাখিলক লৈ বিজেপি কৰ্মীৰ মাজতে হতা-হতি।
বিজেপি কৰ্মী কেইজনে নিজৰ নিজৰ ৰাজনৈতিক প্ৰভাৱ খটুৱাই নিবিদা জমা দিয়াৰ সময়ত বাধা দিয়াক লৈ ইজনে আনজনৰ লগত মুকলিকৈ হতা-হতিত লিপ্ত হয়।

বিজেপি কৰ্মী কেইজনে নিজৰ নিজৰ ৰাজনৈতিক প্ৰভাৱ খটুৱাই নিবিদা জমা দিয়াৰ সময়ত বাধা দিয়াক লৈ ইজনে আনজনৰ লগত মুকলিকৈ হতা-হতিত লিপ্ত হয়।

  • Share this:
লংকাৰ পৌৰসভা কাৰ্যালয়ত আজি  বিজেপি কৰ্মীৰ মাজত হতাহতি হোৱাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখযোগ্য যে লংকা পৌৰ এলেকাৰ কেইবাটাও পথ নিৰ্মাণৰ আজি গ্ৰহণ কৰা হৈছিল নিবিদা।

নিবিদা গ্ৰহণৰ মাজতে বিজেপি কৰ্মীৰ নিজৰ মাজতে কাজিয়াৰ সূত্ৰপাত হয়। প্ৰথমে কথা কটা-কটিৰে আৰম্ভ হৈ পাছত  হতাহতি, ঠেলা-হেঁচাৰ সূত্ৰপাত ঘটাত পৰিস্থিতি উত্তপ্ত হৈ পৰে। ইপিনে নিবিদা গ্ৰহণ প্ৰক্ৰিয়াৰ সময়ত পৌৰসভাত এজনো কৰ্মচাৰী নথকাৰ সময়তে নিবিদা দিবলৈ অহা বিজেপি কৰ্মী সকলে ইজনে আনজনক নিবিদা  দাখিলত বাধা প্ৰদান কৰাৰ বাবে কাজিয়া হোৱা বুলি প্ৰতক্ষদৰ্শীয়ে মন্তব্য কৰে।

উপস্থিত লোকে জনোৱা মতে বিজেপি কৰ্মী কেইজনে নিজৰ নিজৰ ৰাজনৈতিক প্ৰভাৱ খটুৱাই নিবিদা জমা দিয়াৰ সময়ত বাধা দিয়াক লৈ ইজনে আনজনৰ লগত মুকলিকৈ হতা-হতিত লিপ্ত হোৱাত  উত্তেজনাৰ সৃষ্টি হয়।
Published by: Manjumoni Borah
First published: July 9, 2021, 8:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি