• Home
  • »
  • News
  • »
  • assam
  • »
  • বিজয়া দশমীত গোসাঁইগাঁৱত দুৰ্গা দেৱীৰ বিসৰ্জনক লৈ অথন্তৰ, থানা ঘেৰাও কৰি আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ

বিজয়া দশমীত গোসাঁইগাঁৱত দুৰ্গা দেৱীৰ বিসৰ্জনক লৈ অথন্তৰ, থানা ঘেৰাও কৰি আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ

প্ৰতিমা বিসৰ্জনৰ নামত গোসাঁইগাঁও আৰক্ষীৰ ভূমিকাক লৈ স্থানীয় লোকৰ প্ৰতিবাদ।

প্ৰতিমা বিসৰ্জনৰ নামত গোসাঁইগাঁও আৰক্ষীৰ ভূমিকাক লৈ স্থানীয় লোকৰ প্ৰতিবাদ।

প্ৰতিমা বিসৰ্জনৰ নামত গোসাঁইগাঁও আৰক্ষীৰ ভূমিকাক লৈ স্থানীয় লোকৰ প্ৰতিবাদ।

  • Share this:
বিজয়া দশমীৰ দিনা দুৰ্গা দেৱীৰ বিসৰ্জনক কেন্দ্ৰ কৰি গোসাঁইগাঁৱত উত্তেজনাৰ সৃষ্টি হৈছে। দুৰ্গা দেৱীৰ মূৰ্তি বিসৰ্জন ক্ষেত্ৰত গোসাঁইগাঁও মহকুমাধিপতি আৰু গোসাঁইগাঁও মহকুমা আৰক্ষী বিষয়াৰ কঠোৰ স্থিতিৰ বিৰুদ্ধে একাংশই বিৰোধিতা কৰাত গোসাঁইগাঁৱত দুৰ্গা দেৱীৰ প্ৰতিমা  বিসৰ্জনক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।

ঘটনা মতে নৱমীৰ দিনা গোসাঁইগাঁও মহকুমা প্ৰশাসনে এক নিৰ্দেশনাযোগে পূজা সমিতি সমূহক জনায় যে পাঁচ জনতকৈ অধিক লোক প্ৰতিমা বিসৰ্জনত উপস্থিত থাকিব নোৱাৰিব। এই নিৰ্দেশনাৰ পিছতে গোসাঁইগাঁও চহৰৰ ১৩ খনকৈ পূজা মণ্ডপৰ সভাপতি সম্পাদক সকলে এক জৰুৰী বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰি মহকুমাধিপতিক অন্ততঃ ১০ জন লোকক বিসৰ্জন কাৰ্যসূচীত অংশগ্ৰহণত অনুমতি দিয়াৰ বাবে মৌখিক ভাৱে অনুৰোধ জনায়। কিন্তু মহকুমাধিপতিয়ে উক্ত প্ৰস্তাৱক পোনপটীয়াকৈ প্ৰত্যখ্যান কৰে।

পৰৱৰ্তী সময়ত সকলো পূজা সমিতিক লৈ গোসাঁইগাঁও থানাত এখন জৰুৰী সভাৰ অনুষ্ঠিত কৰে। গোসাঁইগাঁও মহকুমাধিপতি আৰু গোসাঁইগাঁও মহকুমা আৰক্ষী বিষয়াৰ উপস্থিত থকা সভাত  মহকুমা আৰক্ষী বিষয়া সৌৰভ গুপ্তাই উপস্থিত সমিতিসমূহক আইনৰ দোহাই দি বিভিন্ন ধৰণৰ ভাবুকি প্ৰদান কৰে বুলি অভিযোগ কৰে পূজা কমিটিয়ে। উপায়বিহীন হৈ অনিচ্ছা সত্ত্বেও কেৱল আইনক শ্ৰদ্ধা জনাই সভা থলীৰ পৰা প্ৰস্থান কৰে।

আনহাতে আজি প্ৰতিমা বিসৰ্জনৰ পূৰ্ব নিৰ্ধাৰিত সময়ৰ পূৰ্বে পোনতে গোসাঁইগাঁও বাৰোৱাৰী নাট মন্দিৰত মহকুমা আৰক্ষী বিষয়াই এক বিশাল আৰক্ষীৰ দল লৈ উপস্থিত হয়। SOPৰ দোহাই দি আৰক্ষী বিষয়াগৰাকীয়ে সকলো ধৰ্মীয় বিধি অমান্য কৰি জোতা পৰিধান কৰিয়েই প্ৰতিমা নিজে তুলি বিসৰ্জনৰ বাবে গাড়ীত তুলি দিয়ে বুলি আয়োজকসকলে অভিযোগ কৰিছে।

একেদৰে অন্যান্য পূজা থলীত অনুৰূপ ঘটনা সংঘটিত কৰাৰো অভিযোগ উত্থাপিত হৈছে। ইয়াকে লৈ গোসাঁইগাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। একে সময়তে মহকুমা আৰক্ষীয়ে মাস্ক নিপিন্ধাৰ অভিযোগত মিহিৰ দাস, হাৰাধন শীল নামৰ দুজন লোকক আটক কৰি থানালৈ নিয়ে। ফলত গোসাঁইগাঁও আৰক্ষী থানাৰ সন্মুখত স্থাননীয় লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। অৱশেষত গোসাঁইগাঁও মহকুমা আৰক্ষী বিষয়াই ব্যক্তি দুগৰাকীক এৰি দিয়ে।
Published by:Manjumoni Borah
First published: