உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Tension in Vaccine Centre : পুৱতী নিশাৰ পৰা শাৰী পাতিও নাপায় ভেকচিন। ডবকাত ভেকচিন কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি, আৰক্ষী মোতায়েন।

    Tension in Vaccine Centre : পুৱতী নিশাৰ পৰা শাৰী পাতিও নাপায় ভেকচিন। ডবকাত ভেকচিন কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি, আৰক্ষী মোতায়েন।

    স্বাস্থ্য কৰ্মী আশ্ৰাফুলে মাত্ৰ ৭০ জনক কুপন দি বাকীখিনি নিজৰ পকেটত কৌশলেৰে ভৰাই কুপন শেষ হোৱা বুলি কৈ দালালৰ জড়িয়তে অন্য লোকৰ পৰা টকা লৈ ভেকচিন প্ৰদান কৰাৰ অভিযোগ ৷

    • Share this:
    সমগ্ৰ ৰাজ্যতেই কোভিড-১৯ ৰ সংক্ৰমণ ৰোধৰ বাবে ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে ৷ ইয়াৰ মাজতে আজি হোজাই জিলাৰ ডবকাৰ ডক্টৰ বি.আৰ.আম্বেদকাৰ হাইস্কুলত থকা কোভিড ভেকচিন কেন্দ্ৰত ভেকচিন নাপাই ৰাইজে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ পাছত তাত চিকিৎসক আৰু ডবকা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

    ডবকা চহৰৰ ১০ নং ৱাৰ্ডত থকা ভেকচিন কেন্দ্ৰটোত শতাধিক লোক পুৱতি নিশাৰে পৰা কেন্দ্ৰটোত শাৰী পাতিছিল ৷ পুৱা ১০ বজাত নাম পঞ্জীয়ন কৰা কৰ্মচাৰীগৰাকীয়ে শাৰী পাতি ৰৈ থকা লোক সকলৰ মাজত ক্ৰমিক নম্বৰ অনুয়ায়ী কুপন দিয়াৰ ব্যৱস্থা কৰে ৷

    ৰাইজৰ অভিযোগ, শাৰী পাতি ৰৈ থকা লোক সকলকৰ মাজৰ মাত্ৰ ৭০ জনলোকক  ভেকচিন কেন্দ্ৰটোত নিয়োজিত হৈ থকা স্বাস্থ্য কৰ্মী আশ্ৰাফুলে কুপন প্ৰদান কৰি বাকী খিনি নিজৰ পকেটত কৌশলেৰে ভৰাই থৈ  কুপন শেষ হোৱা বুলি কৈ দালালৰ জড়িয়তে অন্য লোকৰ পৰা টকা লৈ ভেকচিন প্ৰদান কৰে ৷ ইয়াকে লৈ একাংশ লোক উত্তেজিত হৈ কেন্দ্ৰটোত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে ৷

    ডবকা  চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ ইছাহাক আলী আৰু ডবকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অমৃত সিঙৰ নেতৃত্ৱত যোৱা এটি আৰক্ষীৰ দলে উত্তেজিত ৰাইজক বুজনি দি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ ইফালে পৰিস্থিতি বিষম দেখি  আশ্ৰাফুল নামৰ স্বাস্থ্য কৰ্মীজনে পকেটত থকা কুপনবোৰ কৌশলগত ভাবে ফালি পেলােৱাৰো অভিযোগ কৰে ৰাইজে ৷
    Published by:Manjumoni Borah
    First published: