বোৱাৰীৰ মৃতদেহ সৎকাৰক কেন্দ্ৰ কৰি কামৰূপৰ সৰুলাহত উত্তপ্ত পৰিস্থিতি, আৰক্ষীৰ লাঠিচালনাত আহত কেইবাজনো

News18 Assam | News18-Assam
Updated:November 18, 2020, 9:22 AM IST
বোৱাৰীৰ মৃতদেহ সৎকাৰক কেন্দ্ৰ কৰি কামৰূপৰ সৰুলাহত উত্তপ্ত পৰিস্থিতি, আৰক্ষীৰ লাঠিচালনাত আহত কেইবাজনো
সোমবাৰে সন্ধিয়া ৰহস্যজনকভাৱে অৱস্থাত স্বামীগৃহত উদ্ধাৰ হৈছিল পিকুমণি দাস নামৰ এগৰাকী অন্তঃসত্ত্বা বোৱাৰীৰ মৃতদেহ।

সোমবাৰে সন্ধিয়া ৰহস্যজনকভাৱে অৱস্থাত স্বামীগৃহত উদ্ধাৰ হৈছিল পিকুমণি দাস নামৰ এগৰাকী অন্তঃসত্ত্বা বোৱাৰীৰ মৃতদেহ।

  • Share this:
কামৰূপৰ সৰুলাহত নিশা তীব্ৰ উত্তেজনা। এগৰাকী বোৱাৰীৰ মৃতদেহ সৎকাৰ কৰাক কেন্দ্ৰ কৰি এই উত্তেজনা। ঘটনাস্থলীত আৰক্ষীয়ে লাঠিচালনা কৰাৰ লগতে আৰক্ষী সহিতে কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয়।

উল্লেখযোগ্য যে, সোমবাৰে সন্ধিয়া ৰহস্যজনকভাৱে অৱস্থাত স্বামীগৃহত উদ্ধাৰ হৈছিল পিকুমণি দাস নামৰ এগৰাকী অন্তঃসত্ত্বা বোৱাৰীৰ মৃতদেহ। বোৱাৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই স্বামী কাৰ্তিক দাস আৰু পৰিয়ালৰ লোকে বোৱাৰীগৰাকীক হত্যাৰ অভিযোগ উত্থাপন কৰিছিল পিকুমণিৰ পৰিয়ালৰ লোকে।

মঙলবাৰে নিশা বোৱাৰীগৰাকীৰ মৃতদেহ একাংশ লোকে স্বামীগৃহৰ চোতালত সৎকাৰ কৰিব ওলোৱাৰ পিছতেই প্ৰশাসনে বাধা প্ৰদান কৰাত ক্ষুদ্ধ হৈ পৰে লোকসকল। আৰক্ষীৰ সৈতেও খণ্ড যুদ্ধত লিপ্ত হয় একাংশ ক্ষুব্ধ লোক। ঘটনাস্থলীত বৰ্তমানো চেপা উত্তেজনা অব্যাহত আছে। ঘটনা সংঘটিত হোৱাৰ পিছতে অভিযুক্ত স্বামী কাৰ্তিক দাসক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে শুৱালকুছি আৰক্ষীয়ে।
Published by: Sanjay Kumar Das
First published: November 18, 2020, 9:22 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading