• Home
  • »
  • News
  • »
  • assam
  • »
  • পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তৰ মক্ৰত তীব্ৰ উত্তেজনা, গুলীচালনাত নিহত ৩ খাচী দুৰ্বৃত্তৰ লগতে এজন গৃহৰক্ষী জোৱান

পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তৰ মক্ৰত তীব্ৰ উত্তেজনা, গুলীচালনাত নিহত ৩ খাচী দুৰ্বৃত্তৰ লগতে এজন গৃহৰক্ষী জোৱান

বৰ্তমানো অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে। মেঘালয়লৈ যোৱা সকলো বন্ধ কৰি দিয়া হৈছে।

বৰ্তমানো অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে। মেঘালয়লৈ যোৱা সকলো বন্ধ কৰি দিয়া হৈছে।

বৰ্তমানো অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে। মেঘালয়লৈ যোৱা সকলো বন্ধ কৰি দিয়া হৈছে।

  • Share this:
পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তৰ মক্ৰত গুলীচালনাৰ ঘটনা। এই গুলীচালনাৰ ঘটনাত নিহত হয় ৪ জন লোক। ৩ খাচী দুৰ্বৃত্তৰ লগতে এজন গৃহৰক্ষী জোৱান নিহত হয়। নিহত গৃহৰক্ষী বাহিনীৰ জোৱান বিদ্যাছিং লেকথে বুলি জানিব পৰা গৈছে। ঘটনাত আহত হয় অভিমুন্য নামৰ আন এজন জোৱান।

আৰক্ষীৰ টহলদাৰী দললৈ লক্ষ্য কৰি আক্ৰমণ চলাইছিল খাচী দুৰ্বৃত্তই। নিহত হোৱা ৩ খাচী দুৰ্বৃত্তই সৰবৰাহ কৰিছিল কাঠ। পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিডিঙৰ মুক্ৰত সংঘটিত হয় এই ঘটনা। চোৰাং কাঠভৰ্তি বাহন জব্দ কৰাৰ পিছতে এই সংঘাতৰ সৃষ্টি হৈছিল।

আৰক্ষীয়ে বাহনখন আনিবলৈ যাওঁতেই সংঘাতৰ সৃষ্টি হয়। আৰক্ষীয়ে ট্ৰাকখনলৈ লক্ষ্য কৰি চলাইছিল গুলী। আৰক্ষীৰ গুলীত ফুটিছিল ট্ৰাকৰ চকা। ট্ৰাকখন জব্দ কৰিবলৈ যাওঁতেই সৃষ্টি হয় উত্তেজনাৰ। হাতে হাতে যাঁঠি লৈ আৰক্ষীৰ লোকক আক্ৰমণ কৰে দুৰ্বৃত্তই।

আৰক্ষী–বন বিভাগৰ দলক ঘেৰি ধৰিছিল ৩ শতাধিক লোকে। আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে কৰা গুলীচালনাত নিহত হয় ৩ দুৰ্বৃত্ত। বৰ্তমানো অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে। মেঘালয়লৈ যোৱা সকলো বন্ধ কৰি দিয়া হৈছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি