ৰাইজৰ অভিযোগ ভেকচিন কেন্দ্রটোৰ কৰ্মচাৰীসকলে ঘনিষ্ঠ ব্যক্তি সকলকহে আগতীয়াকৈ কূপন প্ৰদান কৰিছে।
ৰাইজৰ অভিযোগ ভেকচিন কেন্দ্রটোৰ কৰ্মচাৰীসকলে ঘনিষ্ঠ ব্যক্তি সকলকহে আগতীয়াকৈ কূপন প্ৰদান কৰিছে।
নগাঁৱৰ চামগুৰিৰ কাঠপাৰা হাই স্কুলত আজি ভেকচিন দিয়াৰ আৰম্ভণিতেই সৃষ্টি হয় তীব্র উত্তেজনাময় পৰিস্থিতিৰ। সংখ্যালঘু অধ্যূষিত ভেকচিন কেন্দ্ৰটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । বিভিন্ন মাধ্যমত বিভিন্ন সময়ত ভেকচিন সম্পর্কে সংখ্যলঘু লোকৰ মাজত অপপ্ৰচাৰ হৈথকাৰ পিছতো ভেকচিন ল'বলৈ ওলাই আহিছিল শ শ লোক। কিন্তু ভেকচিন কেন্দ্রটোত কম পৰিমাণত ভেকচিন মজুত থকাত পৰিস্থিতি উত্তপ্ত হয়।
কেন্দ্ৰটোত উপলব্ধ আছিল মাত্র ২৫০টা ভেকচিন কিন্তু তাৰ বিপৰীতে মানুহ গোট খাইছিল পাঁচ শতাধিক। পুৱা ৪ বজাৰ পৰা প্ৰায় ১১ বজালৈ প্ৰচণ্ড ৰ'দ আৰু গৰমৰ মাজত দীঘলীয়া শাৰী পাতি ৰৈ থকাৰ পাছতো ভেকচিন প্ৰদান কৰাতো দূৰৰ কথা কূপন পাবলৈ সক্ষম নহ'ল একাংশ লোক। যাৰ ফলত এই লোকসকলে ক্ষুব্ধ হৈ উত্তাল কৰি তোলে ভেকচিন কেন্দ্রৰ চৌহদ।
ৰাইজৰ অভিযোগ ভেকচিন কেন্দ্রটোৰ কৰ্মচাৰীসকলে ঘনিষ্ঠ ব্যক্তি সকলকহে আগতীয়াকৈ কূপন প্ৰদান কৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|