ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
হোজাই জিলাৰ লংকাত ডাবলং উপ-স্বাস্থ্যকেন্দ্ৰত আজি পুৱা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। ভেকচিন ল’বলৈ নিশাৰ পৰা শাৰী পাতিও ভেকচিন নোপোৱাৰ পিছতে ৰাইজে সৃষ্টি কৰে উত্তেজনাৰ। ভেকচিন বঞ্চিত ৰাইজে পৰিস্থিতি উত্তপ্ত কৰি তোলাৰ লগতে উপ স্বাস্থ্যকেন্দ্ৰটোৰ স্বাস্থ্য কৰ্মীক লক্ষ্য কৰি শিল আৰু ইটাৰ টুকুৰা দলিওৱাত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে যদিও ততাতৈয়াকৈ ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
ইপিনে উত্তেজিত ৰাইজে শিল দলিওৱাত স্বাস্থ্যকৰ্মীসকলে কোনোমতে প্ৰৱেশ গেট বন্ধ কৰি ভিতৰত সোমাই আশ্ৰয় লোৱাত হতাহত হোৱাৰ পৰা ৰক্ষা পৰে। লক্ষণীয় যে উক্ত চেণ্টাৰত স্বাস্থ্য বিভাগে ১০০টা ভেকচিন প্ৰেৰণ কৰিছিল যদিও ইয়াৰ ৩০টা দিয়াৰ পিছত বাকী ৭০টা ভেকচিন দ্বিতীয় পালিৰ বাবে সংৰক্ষণ কৰি ৰখাত বিভাগে প্ৰেৰণ কৰা ভেকচিনেৰে শাৰীত থকা লোকৰ বাবেও পৰ্যাপ্ত নোহোৱাত ভেকচিন নোপোৱা লোকসকলে ভেকচিন বিচাৰি সৃষ্টি কৰে উত্তেজনাৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|