দুৰ্ঘটনাক কেন্দ্ৰ কৰি তেজপুৰৰ ডিপোটাত নিশা হুলস্থূল, দ্ৰুতবেগী বাইকে মহতিয়াই নিলে পথচাৰীক

ডিপোটা দুৰ্গা পূজা মণ্ডপৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা৷

News18-Assam
Updated:October 8, 2019, 8:19 AM IST
দুৰ্ঘটনাক কেন্দ্ৰ কৰি তেজপুৰৰ ডিপোটাত নিশা হুলস্থূল, দ্ৰুতবেগী বাইকে মহতিয়াই নিলে পথচাৰীক
ডিপোটা দুৰ্গা পূজা মণ্ডপৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা৷
News18-Assam
Updated: October 8, 2019, 8:19 AM IST
তেজপুৰৰ ডিপোটাত নিশা পথ দুৰ্ঘটনা৷ পূজা চাবলৈ অহা পথচাৰীক মহতিয়াই চিটিকি পৰিল এখন দ্ৰুতবেগী বাইক৷ বাইক চালক, আৰোহীৰ লগতে আন এজন লোক আহত হয় এই দুৰ্ঘটনাত। সংকটজনক অৱস্থাত তিনিওকে উদ্ধাৰ কৰি প্ৰেৰণ কৰা হয় TMCHলৈ৷ একাংশ ক্ষুব্ধ লোকে দুৰ্ঘটনা সংঘটিত কৰা বাইকখন জ্বলাই দিবলৈ উদ্যত হয়৷ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হয় তীব্ৰ যান-জঁটৰ৷ ডিপোটা দুৰ্গা পূজা মণ্ডপৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি