உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নাৰ্ছৰ হাতৰ পৰা পৰি নৱজাতকৰ মৃত্যু! হাইলাকান্দিৰ এছ কে ৰায় অসামৰিক চিকিৎসালয়ত উত্তেজনা

    নাৰ্ছৰ হাতৰ পৰা পৰি নৱজাতকৰ মৃত্যু! হাইলাকান্দিৰ এছ কে ৰায় অসামৰিক চিকিৎসালয়ত উত্তেজনা

    যোৱা মঙলাবৰে হাইলাকান্দি জিলা সদৰত থকা এছ কে ৰায় অসামৰিক হাস্পতালত জন্ম হৈছিল এটি নৱজাতকৰ।

    যোৱা মঙলাবৰে হাইলাকান্দি জিলা সদৰত থকা এছ কে ৰায় অসামৰিক হাস্পতালত জন্ম হৈছিল এটি নৱজাতকৰ।

    যোৱা মঙলাবৰে হাইলাকান্দি জিলা সদৰত থকা এছ কে ৰায় অসামৰিক হাস্পতালত জন্ম হৈছিল এটি নৱজাতকৰ।

    • Share this:
    নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা হাইলাকান্দিত। হাইলাকান্দি জিল‍া সদৰৰ এছ কে ৰায় অসামৰিক হাস্পতালত সংঘঠিত হৈছে এই ঘটনা। নৱজাতক বিশেষ পৰিচৰ্যা কেন্দ্ৰ (Special Newborn care unit) অৰ্থাৎ এছ এন চি ইউৰ ভিতৰত কৰ্তব্যৰত নাৰ্ছৰ গাফিলতিৰ ফলতে নৱজাতকটোৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। বৰ্তমানে ঘটনাক কেন্দ্ৰ কৰি উত্তেজনা বিৰাজ কৰিছে হাস্পতাল চৌহদত।

    যোৱা মঙলাবৰে হাইলাকান্দি জিলা সদৰত থকা এছ কে ৰায় অসামৰিক হাস্পতালত জন্ম হৈছিল এটি নৱজাতকৰ। কিন্তু জন্মৰ পিছতে নৱজাতকটো শাৰীৰিকভাৱে দুৰ্বল পৰিলক্ষিত হোৱাৰ বাবে কৰ্তব্যৰত চিকিৎসকে নৱজাতকটোক বিশেষ পৰিচৰ্যা কেন্দ্ৰ বা এছ এন চি ইউত ৰখাৰ পৰামৰ্শ দিছিল। চিকিৎসকৰ পৰামৰ্শ অনুসৰি যোৱা তিনিদিনৰ পৰা এছ এন চি ইউত ৰাখি পৰিচৰ্যা চলিছিল শিশুটিৰ।

    কিন্তু যোৱানিশা হঠাৎ এছ এন চি ইউত থকা নাৰ্ছে কণমানিটোৰ মৃত্যু হৈছে বুলি পৰিয়ালক অৱগত কৰায়। কিন্তু নৱজাতকৰ পিতৃ তথা পৰিয়ালৰ লোকে এয়া স্বাভাৱিক মৃত্যু নহয় বুলি অভিযোগ উত্থাপন কৰে। তেওঁলোকে নাৰ্ছৰ হাতৰ পৰা মজিয়াত পৰাৰ বাবে শিশুটিৰ মৃত্যু হৈছে বুলি অভিযোগ উত্থাপন কৰে। প্ৰমাণস্বৰূপে শিশুৰ শৰীৰত আঘাতৰ চিন আছে বুলিও মন্তব্য কৰে পৰিয়ালৰ লোকে।

    এই ঘটনাক কেন্দ্ৰ কৰি আজি পুৱাৰ পৰাই উত্তেজনা বিৰাজ কৰিছে এছ কে ৰায় অসামৰিক হাস্পতাল চৌহদত। ঘটনাৰ খবৰ পাই হাস্পতালত উপস্থিত হয় কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদসৰ সদস্যসকল। তেওঁলোকে হাইলাকান্দিৰ এই হাস্পতালখনত চিকিৎসক আৰু নাৰ্ছে মইমতালি কৰাৰ অভিযোগ উত্থাপন কৰিছে।

    ইপিনে, হাস্পতাল কৰ্তৃপক্ষই ইতিমধ্যে এই ঘটনাৰ নিৰপেক্ষ তদন্তৰ বাবে এখন কমিটী গঠন কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে।
    Published by:Sanjay Kumar Das
    First published: