• Home
  • »
  • News
  • »
  • assam
  • »
  • লকডাউনৰ মাজতে ৰঙাপৰাত কি হৈছিল? কিয় গুলীচালনা কৰিবলগীয়া হ’ল আৰক্ষীয়ে?

লকডাউনৰ মাজতে ৰঙাপৰাত কি হৈছিল? কিয় গুলীচালনা কৰিবলগীয়া হ’ল আৰক্ষীয়ে?

ৰাইজৰ আক্ৰমণৰ পৰা আত্মৰক্ষাৰ উদ্দেশ্যৰে আৰক্ষীয়ে শূণ্যলৈ গুলীচালনা কৰি ঘটনাস্থলীৰ পৰা আঁতৰি যায়।

ৰাইজৰ আক্ৰমণৰ পৰা আত্মৰক্ষাৰ উদ্দেশ্যৰে আৰক্ষীয়ে শূণ্যলৈ গুলীচালনা কৰি ঘটনাস্থলীৰ পৰা আঁতৰি যায়।

ৰাইজৰ আক্ৰমণৰ পৰা আত্মৰক্ষাৰ উদ্দেশ্যৰে আৰক্ষীয়ে শূণ্যলৈ গুলীচালনা কৰি ঘটনাস্থলীৰ পৰা আঁতৰি যায়।

  • Share this:
সমগ্ৰ দেশতে  লকডাউন চলি থকাৰ মাজতে  ৰঙাপৰাত এক অপ্ৰীতিকৰ ঘটনা সংঘটিত হয় শনিবাৰে সন্ধিয়া। ৰঙাপৰাত ৰাইজক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয়। শনিবাৰে সন্ধিয়া প্ৰায় ৬ মান বজাত ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত বৰজুলি চাহ বাগিচাৰ ৪ নং শ্ৰমিক লাইন তথা ধিপা লাইনত স্থানীয় আৰক্ষীয়ে নিয়মীয়া টহল দিবলৈ যোৱাৰ সময়ত একাংশ শ্ৰমিক ৰাইজে সামাজিক দূৰত্ব বজাই নাৰাখি এক গোট হৈ থকাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে লাঠি চালনা কৰে। ৰঙাপৰা আৰক্ষীয়ে একাংশ ৰাইজক  লাঠিৰে প্ৰহাৰ কৰাত ৰাইজে আৰক্ষীৰ দলটোক আগুৰি ধৰে। পিছত একাংশ লোকে আৰক্ষীৰ দলটোক হঠাৎ শিল আৰু ইটাৰে আক্ৰমণ কৰাত আৰক্ষীৰ এজন জোৱান আহত হয়। আহত আৰক্ষী জোৱানজনৰ নাম আব্দুল উচিম জামান। জোৱানজনক লগে লগে ৰঙাপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়।

ইফালে, ৰাইজৰ আক্ৰমণৰ পৰা আত্মৰক্ষাৰ উদ্দেশ্যৰে আৰক্ষীয়ে শূণ্যলৈ গুলীচালনা কৰি ঘটনাস্থলীৰ পৰা আঁতৰি যায়। ইপিনে আৰক্ষীৰ লাঠিৰ প্ৰহাৰত ধিপা লাইনৰ দীনেশ মুণ্ডা (২৬), কাৰ্মা তপ্ন (২৫), ঠাকুৰ দাস (৩৯) আৰু বুধৰা মুণ্ডা (৫৫) আহত হয়। ইয়াৰে দীনেশ মুণ্ডা আৰু কাৰ্মা তপ্ন বৰজুলি চাহ বাগিচাৰ চিকিৎসালয়তে চিকিৎসাধীন হৈ আছে।

অভিযোগ অনুসৰি, আহত যুৱককেইজন নিজ ঘৰৰ পদূলিত আছিল আৰু আৰক্ষী অহা দেখি ঘৰৰ ভিতৰলৈ সোমায় যায়৷ ইয়াৰ পাছত আৰক্ষীৰ দলে তেওঁলোকক ঘৰৰ পৰা উলিয়াই আনি লাঠিৰে প্ৰহাৰ কৰে৷ উল্লেখযোগ্য যে সমগ্ৰ ঘটনাটো ৰঙাপৰা আৰক্ষীয়ে গাপ দিয়াৰ বাবে চেষ্টা চলোৱাৰ  অভিযোগ উঠিছে। আৰক্ষীয়ে আহত আৰক্ষীজনৰ কোনো ভিডিঅ সংগ্ৰহত বাধা আৰোপ কৰে সাংবাদিকক৷
Published by:Sanjay Kumar Das
First published: